বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মা : গঁড় হত্যা ৰোধত সফল ৰাজ্যৰ বন বিভাগ। দুটা দশকৰ ভিতৰত ২০২১ বৰ্ষত ৰাজ্যত প্ৰতিফলিত হৈছে সৰ্বনিম্ন গঁড় হত্যাৰ সংখ্যা। ২০২১ বৰ্ষত ৰাজ্যখনত ১টা হে গঁড় নিধন কৰিবলৈ সক্ষম হৈছে চোৰাং চিকাৰী।
উল্লেখযোগ্য এটা সময়ত কাজিৰঙাত সংঘটিত ব্যাপক গঁড় হত্যাৰ ঘটনাই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছিল বিশেষ চৰ্চা।
বিগত ২১ বছৰৰ ভিতৰত ২০১৩-১৪ বৰ্ষত অভিলেখ সংখ্যক ২৭ টা গঁড় হত্যা কৰিবলৈ সক্ষম হৈছিল চোৰাং চিকাৰীয়ে।
ইফালে বিগত ৫ বছৰত চোৰাংচিকাৰীয়ে হত্যা কৰিছিল ১৯ টাকৈ গঁড়।

বন বিভাগৰ বিশেষ উদ্যোগ আৰু আৰক্ষী প্ৰশাসনৰ তৎপতৰাত গঁড় হত্যা ৰোধত এনে সাফলতা প্ৰকৃতিপ্ৰেমীৰ বাবেই নহয় সমগ্ৰ ৰাজ্য বাসীৰ বাবেই নতুন বছৰটোত এটা ইতিবাচক খবৰ হিচাপে ইতিমধ্যে বিবেচিত হৈছে।
পূৰ্বে ৰাজ্যখনত সংঘটিত হোৱা গঁড় হত্যাত বনকৰ্মীয়েও সহযোগিতা কৰাৰ তথ্য ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত বিগত সময়চোৱাত চোৰাং চিকাৰীক সহযোগ কৰা ১৬ জনকৈ বনকৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বনবিভাগ।
লগতে পঢ়ক- চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন আত্মসাৎ