কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ বাবে আজিৰে পৰা নিয়োজিত হৈছে কামাণ্ডো বাহিনী। উদ্যানখনত গঁড়ৰ সুৰক্ষাৰ বাবে বনকৰ্মীৰ লগত কাম কৰিব কামাণ্ডো বাহিনীয়ে। কঁহৰা বনাঞ্চলৰ শিলেখুন্দাত মৃত গঁড় উদ্ধাৰৰ পিছতেই নিয়োগ কৰাৰ সিদ্ধান্ত লয় বাহিনীটোক। বিগত বৰ্ষত শিলেখুন্দাতেই চোৰাং চিকাৰীয়ে নিধন কৰিছিল আন এটা গঁড়।
যাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ৰ সুৰক্ষাত নামিল অত্যাধুনিক মৰাণাস্ত্ৰসহ কমাণ্ডো বাহিনী। পূৰ্বতে ৰাষ্ট্ৰীয় উদ্যানখনৰ গঁড় সুৰক্ষাৰ বাবে বন সুৰক্ষা বাহিনী, গঁড় সুৰক্ষা বাহিনী, বিশেষ সুৰক্ষা বাহিনী আদি নিয়োগ কৰা হৈছিল যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ অসম আৰক্ষীৰ বিশেষ কমাণ্ডো বাহিনী নিয়োগ কৰা হৈছে।

বিশেষ প্ৰশিক্ষণ প্ৰাপ্ত অত্যাধুনিক মাৰণাস্ত্ৰৰে অভিজ্ঞ এই কমাণ্ডো বাহিনীয়ে এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে যুঁজ দিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত। ২০ জনীয়া এই কমাণ্ডোয়ে এতিয়া অহৰ্নিশে গঁড় সুৰক্ষা দিয়াত ব্যস্ত হ’ব উদ্যানত। কাজিৰঙা ব্যাঘ্র প্ৰকল্প এলেকাৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলত ১০ জন আৰু উত্তৰ পাৰৰ বিশ্বনাথ বন সংমণ্ডলত ১০ জন কমাণ্ডো নিয়োগ কৰিছে চৰকাৰে।

প্ৰতি দিনে বিভিন্ন বন শিবিৰত বাহৰ পাতি চোৰাং চিকাৰীক ৰোধিবলৈ সষ্টম হৈ থাকিব এই কমাণ্ডো বাহিনীয়ে।উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষৰ এপ্ৰিল মাহত এটা গঁড় চোৰাং চিকাৰীয়ে নিধন কৰিছিল যদিও চলিত বৰ্ষৰ পহিলা মাহতেই বনবিভাগ আৰু আৰক্ষীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়্গ কাটি নিয়াৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অধিক গুৰুত্বসহকাৰে বিষয়টো লোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়ক- খুমটাইত সদৌ অসম ভাওনা সমাৰোহ

ইয়াৰ পিছতে ২৩ জানুৱাৰীত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কাজিৰঙাত উপস্থিত হৈ চোৰাং চিকাৰী প্ৰতিহত কৰাৰ বাবে কাজিৰঙাত কমাণ্ডো নিয়োগ কৰাৰ কথা প্ৰকাশ কৰিছিল।শেহতীয়াকৈ গঁড় হত্যা হোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰত কামাণ্ডো বাহিনীয়ে পহৰা আৰম্ভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড়ক অধিক নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায়ক এই কামাণ্ডো বাহিনী সহায়ক হব বুলি আশা প্ৰকাশ কৰিছে কাজিৰঙা কৰ্তৃপক্ষই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply