কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা এচাম লোকে ভংগ কৰি বন বিভাগে চিহ্নিত কৰা এনিমেল কৰিডৰত নিৰ্মাণ কাৰ্য চলাই আছে ।
বোকাখাতৰ যুৱ পৰিবেশ কৰ্মী ৰোহিত চৌধৰীয়ে দাখিল কৰা এক গোছৰৰ ভিত্তিত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০১৯ চনৰ ১২ এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা মতে বোকাখাতৰ পৰা জখলাবন্ধা লৈকে বন বিভাগে চিহ্নিত কৰা মুঠ ৯ টা এনিমেল কৰিডৰত ব্যক্তিগত আৰু চৰকাৰী ভূমিত সকলো ধৰণৰ নিৰ্মাণ কাৰ্য বন্ধ কৰিছিল ।
উল্লেখ্য যে দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাক অবমাননা কৰি ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত পৰ্যটন নিবাস, ৰেষ্টুৰেন্ট, সুৰাৰ বিপনি, পকী বেৰ ,আবাস গৃহকে ধৰি মুঠ ১৫ টা নতুন নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পন্ন কৰিছে ।
এই আইন ভংগ কৰা সম্পৰ্কে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে শেহতীয়াকৈ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত সকলো তথ্য আৰু উপগ্ৰহৰ পোৱা চিত্ৰৰ সৈতে ৰাজ্যখনৰ মুখ্য বন সংৰক্ষকলৈ (বন্যপ্ৰাণী) প্ৰতিবেদন দাখিল কৰিছে ।
উল্লেখ্য যে গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে নাম মাত্ৰ দুটা নিৰ্মাণ কাৰ্য উচ্ছেদ কৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকলৈ এক কথাত কবলৈ গলে ভেকু – ভাওনা আৰম্ভ কৰিছে বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে উৰ্ধতম কৰ্ত্তৃপক্ষক দিয়া তথ্য মতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অধীনত হালধিবাৰী এনিমেল কৰিডৰত এখন পৰ্যটন নিবাস আৰু এখন সুৰাৰ বিপনি নিৰ্মাণ কৰিছে।
ইয়াৰে গ্ৰীন আচিয়ানা পৰ্যটন নিবাসৰ পকী বেৰ আৰু চাৰিটা কটেজ ইতিমধ্যে গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে । ইফালে গোলাঘাট জিলাৰ গাতে লাগি থকা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কাৰ্বি আংলং জিলাৰ অধীনত হালধিবাৰী এনিমেল কৰিডৰত কাৰ্বি আংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ এটা চৰকাৰী অতিথি গৃহ, বিবাহ ভৱন আৰু দুটা আবাস গৃহ নিৰ্মাণ কৰাৰ কথাও উদ্যান সঞ্চালকে উল্লেখ কৰিছে ।
অন্যহাতে নগাঁও জিলাৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অধীনত বাগৰি এনিমেল কৰিডৰত দহিকতৰা নামৰ ৰেষ্টুৰেন্ট , হাৰমতি এনিমেল কৰিডৰত লাহেকে চাই কাফে আৰু জংগল চিটি পৰ্যটন নিবাস আৰু কাৰ্বি আংলং জিলাৰ মহিমিৰী পাহাৰৰ বিপৰিত দিশত নতুনকৈ গৃহ নিৰ্মাণ কৰা হৈছে । ঠিক তেনেকৈ কাজিৰঙাৰ এটা অতি গুৰুত্বপূৰ্ণ কাঞ্চনজুৰি এনিমেল কৰিডৰত কাঞ্চনজুৰি দৰ্শন কেন্দ্ৰৰ বিপৰীত দিশত ৰেষ্টুৰেন্ট , চাহ বাগিছাৰ কাষত নতুনকৈ ঘৰ নিৰ্মাণ কৰাৰ লগতে পাহাৰ কাটি প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰিছে বুলিও প্ৰতিবেদনত উল্লেখ্য কৰিছে ।
অন্যহাতে চিৰাং এনিমেল কৰিডৰত ৱাইল্ড উড ধাবা, পৰ্যটন নিবাস, কৃষ্ণাংগী পৰ্যটন নিবাস আদি নিৰ্মাণ কৰা হৈছে । ইয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিডৰত থকা ধাবা, লাইন হোটেল আদিৰ সন্মূখত যান – বাহন বিশেষকৈ গধুৰ যান – বাহন পাৰ্কিং কৰাটো ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ লগতে নগাঁও আৰু গোলাঘাট জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতো বৰ্তমান সকলো মুকলিকৈ চলি আছে ।
উল্লেখ্য যে ধাবাবোৰত গধুৰ যান – বাহন ৰখাই পৰিস্কাৰ কৰি থকাত খাৰুৱা তেল, বিষাক্ত দ্ৰব্য, কেমিকেল জাতীয় সামগ্ৰী আদি মৰিডিফলু আৰু দেওচুৰ নদীত পৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ যায়। এই বিষাক্ত পানী ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্যপ্ৰাণীয়ে ব্যৱহাৰ কৰি থকাত ভবিষ্যতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ প্ৰতি ভীষণ প্ৰত্যাহ্বান হব পাৰে বুলিও বিভাগীয় সূত্ৰে প্ৰকাশ ।
গতিকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা সকলো নিৰ্মাণ কাৰ্য ধ্বংস কৰাৰ লগতে এনিমেল কৰিডৰত অবৈধ পাৰ্কিং আৰু যান – বাহন পৰিস্কাৰ কৰা কাম বন্ধ কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষকক লিখিত ভাবে অবগত কৰিছে ।
উল্লেখ্য যে যি সময়ত চৰকাৰে বেদখল, অবৈধ নিৰ্মাণ, বে আইনী কামৰ বিৰুদ্ধে কঠোৰ হাতে ব্যৱস্থা লৈ আছে ঠিক তেনে সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকে এনিমেল কৰিডৰত চলি থকা অবৈধ নিৰ্মাণ কাৰ্য সম্পৰ্কে চৰকাৰৰ উচ্চ পদস্থ বিষয়া, গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ উপায়ুক্তক বাৰম্বাৰ অবগত কৰাৰ পিছতো হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো পদক্ষেপ হাতত নোলোৱাটো এক ৰহস্যজনক হৈ পৰিছে বুলিও সচেতন মত প্ৰকাশ কৰিছে ।