কাজিৰঙা : পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ৪ মে’ৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে পৰ্যটক প্ৰৱেশ কৰিব নোৱাৰিব কাজিৰঙাত। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পৰ্যটকৰ বাবে কাজিৰঙা বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল।

সমগ্ৰ দেশতে কভিড মহামাৰীৰ সংহাৰী ৰূপ। প্ৰতিদিনে দেশত লক্ষাধিক লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে কেইবাহাজাৰ লোক। দেশত কভিডৰ তাণ্ডৱলীলা ৰোধ কৰাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও নিয়ন্ত্ৰণ কৰিব পৰা নাই দ্ৰুত সংক্ৰমণৰ হাৰ। ইতিমধ্যে কেইবাখনো ৰাজ্যত কভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লকডাউনৰ নিচিনা কঠোৰ সিদ্ধান্তও গ্ৰহণ কৰা হৈছে।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত অসমত কভিডে বৰ্তমানলৈকে ভয়াবহ ৰূপ ধাৰণ কৰা নাই যদিও অসমত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাই আছে আক্রান্তৰ সংখ্যা। কভিড মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ এক নিৰ্দেশনা জাৰি কৰিছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পিছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৪ মে’ তাৰিখৰ পৰা কাজিৰঙাত পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰিছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যত পৰ্যটকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। কভিডৰ ভাইৰাছ যাতে কোনো কাৰণতে বন্যপ্ৰাণী সমূহক সংক্ৰমিত নকৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য সমূহ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে যোৱা বছৰ কভিড মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাত প্ৰায় সাত মাহ ধৰি পৰ্যটকৰ বাবে বন্ধ আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply