কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ সঞ্চালক পি শিৱকুমাৰক ৰাজ্য চৰকাৰে এক নিৰ্দেশ যোগে বদলি কৰিছে । জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰক কাজিৰঙাৰ পৰা দক্ষিণ অসম চক্ৰৰ শিলচৰত মুখ্য বন সংৰক্ষক পদত বদলি কৰিছে।
তেওঁৰ ঠাইত যতিন্দ্ৰ শৰ্মাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক হিচাপে যোগদান কৰিবলৈ ৰাজ্যখনৰ পৰিবেশ আৰু বন বিভাগৰ আয়ুক্ত সচিব জি ডি ত্ৰিপাঠীয়ে স্বাক্ষৰ কৰি নিৰ্দেশ জাৰি কৰিছে । উল্লেখ্য ভাৰতীয় বন সেৱাৰ বিষয়া যতিন্দ্ৰ শৰ্মাই শিলচাৰত কৰ্মৰত হৈ আছিল ।
ভাৰতীয় বন সেৱাৰ বিষয়া পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ দ্বায়িত্বত প্ৰায় তিনি বছৰ নিষ্ঠাৰে কাম কৰিছিল । অতি গুৰুত্বপূৰ্ণ কথা যে পি শিৱকুমাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ দ্বায়িত্ব লোৱাৰ পিছৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানখনত চোৰাং চিকাৰীৰ দ্বাৰা গঁড় নিধনৰ সংখ্যা হ্ৰাস পাইছিল ।
ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনত বিশেষকৈ নতুন চিন্তাৰে বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি বন্যপ্ৰাণী আৰু পক্ষীৰ কাৰণে পানী সংৰক্ষণৰ কেইবাটাও আচঁনি সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছিল । ইফালে তেখেতৰ দিনতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আন্তঃগাঁথনি উন্নয়ণ কৰাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ মূল মাটিকালিৰ সৈতে বহু হেক্টৰ ভূমি বন্যপ্ৰাণীৰ বিচৰণ আৰু খাদ্যৰ সুবিধা হোৱাকৈ সংযোজন ঘটাইছিল ।
অতি উল্লেখনীয় যে বন বিভাগে চিহ্নিত কৰা কাজিৰঙাৰ ৯ টা এনিমেল কৰিডৰত দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পিছত কিছু লোকে আইন ভংগ কৰি অবৈধ ভাৱে নিৰ্মান কাৰ্য চলোৱাৰ কথা তথ্য সহকাৰে উৰ্ধতম কৰ্ত্তৃপক্ষক কোনো সংকোচ নকৰাকৈ সঘনাই লিখিত ভাবে অবগত কৰি আছিল ।
যাৰ ফলত সঞ্চালক পি শিৱকুমাৰে কোনো পক্ষপাত নোলোৱাকৈ দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি গোলাঘাট আৰু নগাঁও জিলা প্ৰশাসনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা কাৰ্য উচ্ছেদ কৰিবলৈ বাধ্য হৈছিল ।