কাজিৰঙা: অসম গৌৰব কাজিৰঙাৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাবুকি আহি পৰা বেদখলক লৈ প্ৰশাসনৰ ভুমিকা এতিয়াও সন্দেহৰ আবৰ্তত। উচ্চ ন্যায়ালয়ে কাজিৰঙাত চলি থকা বেদখল উচ্ছেদ কৰিবৰ বাবে নিৰ্দেশ দিছিল যদিও আজিৰ তাৰিখতো কাজিৰঙাত বন ধ্বংস হৈ আছে। কাঞ্চনজুৰি এনিমেল কৰিড’ৰত এতিয়াও বন ধ্বংস আৰু জে চি বিৰে খনন চলি আছে।
বন বিভাগৰ ভিতৰচ’ৰাৰ এক পত্ৰই উদঙাই দিছে এই কথা উদঙাই দিছে। নগাঁও শালনা ৰেঞ্জ ফৰেষ্ট অফিচাৰলৈ পত্ৰখন প্ৰেৰণ কৰিছে বাগৰি ৱেষ্টাৰ্ণ ৰেঞ্জৰ ৰেঞ্জাৰে। শালনা ৰেঞ্জৰ অন্তৰ্গত কাঞ্চনজুৰি এলেকাত অবৈধ কাৰ্যকলাপ চলি থকা সম্পৰ্কে পত্ৰ খনেই উদঙাইছে।

একে সময়তে ইষ্টাৰ্ণ আচাম ৱাইল্ড লাইফ ডিভিজন, বোকাখাতৰ ডি এফ অ’, কলিয়াবৰৰ চাৰ্কোল অফিচাৰ, এছ ডি চিকো পত্ৰ প্ৰেৰণ কৰিছে। কোন স্থানত বন ধ্বংস চলি আছে তাৰ জি পি এচ লোকেশ্যনো স্পষ্ট ভাৱে উল্লেখ কৰিছে। কাঞ্চনজুৰি এনিমেল কৰিড’ৰত যোৱা ২৯ জানুৱাৰীৰ পৰা এই দুষ্কাৰ্য চলি আছে।
কেনেদৰে এই অবৈধ কাৰ্যকলাপ চলি থকাৰ পিছতো আজিলৈকে প্ৰশাসনে ব্যবস্থা লোৱা নাই কিয় সেইটোহে ৰহস্যৰ আবৰ্তত। প্ৰভাৱশালী ব্যক্তিৰ ওচৰত ৰিজ’ৰ্ট, শিলকোৱেৰী বোৰ আছে বাবেই প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব পৰা নাই । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো আজিলৈকে এনিমেল ক’ৰিডৰ সমূহ মুকলি কৰিব নোৱাৰা বন বিভাগ তথা জিলা প্ৰশাসনৰ ভুমিকাক লৈ সন্দেহ সৰ্বসাধাৰন জনতাৰ।

লগতে পঢ়ক- দিল্লীত সোণাৰিৰ দুই জীয়ৰী-বোৱাৰীৰ সফলতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply