কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি বেদখল মেঠনী চাহ বাগিছাৰ

স্বপন নাথ ,কাজিৰঙা : বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটি সুদীৰ্ঘ ৯৭ বছৰ অৰ্থাৎ দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বৰ পৰাই মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই বেদখল কৰি চাহ খেতি কৰি থকাৰ অভিযোগ উত্থাপন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে ১৯১৩ চনতেই অৰ্থাৎ দেশ স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ শাসন কালতেই কাজিৰঙা মৌজাৰ অধীনত বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত পানবাৰী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল । পানবাৰী সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ ১১ বছৰ পিছত অৰ্থাৎ ১৯২৪ চনৰ পৰাই মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই পানবাৰী সংৰক্ষিত বনাঞ্চলৰ কাষত থকা ৩৫ বিঘা মাটি বেদখল কৰি চাহ খেতি আৰম্ভ কৰিছিল ।

উল্লেখ্য বৰ্তমান পানবাৰী সংৰক্ষিত বনাঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত । এটা গুৰুত্বপূৰ্ণ কথা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পানবাৰী সংৰক্ষিত বনাঞ্চল কাজিৰঙাৰ এক প্ৰধান এনিমেল কৰিডৰ হিচাপে চিহ্নিত হৈ আহিছে । এই এনিমেল কৰিডৰেদি সঘনাই বন্যপ্ৰাণী অহা যোৱা কৰি থাকে । 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত খন্ড বন কাৰ্যালয়ৰ মদাৰজুৰি বন শিবিৰৰ অধীনত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া এলেকাত সুদীৰ্ঘ ৯৭ বছৰ ধৰি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটি বেদখল কৰি ৩৫ বিঘা মাটিত চাহ খেতি কৰি আছে যদিও বন বিভাগ বা চৰকাৰৰ চকু নপৰাটো এক ৰহস্যৰ কাৰণ হৈ পৰিছে ।

বিভাগীয় সূত্ৰে জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই মাজে – মধ্যে চাহ পুলি নতুনকৈ ৰোপন নকৰিবলৈ মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষক অবগত কৰি থাকাৰ বাদে বিশেষ কোনো ব্যৱস্থা হাতত লোৱা নাই । উল্লেখ্য প্ৰায় ২০ বছৰ পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমন্ডল বিষয়াই মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষৰ পৰা কিছু মাটি বেদখল মুক্ত কৰিছিল যদিও আজিলৈকে বৃহৎ পুঁজিপতি ব্যৱসায়ীক গোষ্ঠীটোৰ পৰা সম্পূৰ্ণ মাটি দখল মুক্ত কৰিবলৈ সামৰ্থ হোৱা নাই ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

পলমকৈ হ’লেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে বেদখল মুক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। সঞ্চালকজনে সাংবাদিকক জানিব দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা পানবাৰী সংৰক্ষিত বনাঞ্চলৰ পশ্চিম সীমাত ব্যক্তিগত লোকে তিনি হেক্টৰ আৰু উত্তৰ সীমাত পাঁচ হেক্টৰ ভূমি মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষই বেদখল কৰি চাহ খেতি কৰি আছে । ইতিমধ্যে মেঠনী চাহ বাগিছা কৰ্ত্তৃপক্ষক বেদখল কৰি থকা ভূমি চলিত মাহত এৰি দিবলৈ উদ্যান কৰ্ত্তৃপক্ষই আহ্বান জনাইছে । অন্যথা বিভাগীয় আইন মতে মেঠনী চাহ বাগিছাই বেদখল কৰা উক্ত ভূমি উচ্ছেদ কৰাৰ ব্যৱস্থা কৰিব বুলিও উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়ে।

  উল্লেখ্য  যি সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণত আৰু খাদ্যৰ সুবিধা হোৱাকৈ পূৰ্বৰ ছটা সংযোজনৰ পৰা ৯ টালৈ বৃদ্ধি কৰা হৈছে তেনে সময়ত বৃহৎ পুঁজিপতি চাহ বাগিছা ব্যৱসায়ীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভূমি বেদখল কৰাটো অতি দুৰ্ভাগ্যজনক বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে । ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে আৰু  জানিব দিয়া মতে ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষ আৰু মেঠনী চাহ বাগিছা পৰিচালকৰ সৈতে এই সম্পৰ্কে ১৭ আগষ্টত এলানি আলোচনা হৈছে ।

উক্ত এলেকাত নতুনকৈ আৰু কোনো ধৰণৰ চাহ খেতি নকৰিবলৈও উদ্যান কৰ্ত্তৃপক্ষই মেঠনী চাহ বাগিছাৰ পৰিচালকক অবগত কৰাৰ লগতে বেদখল মুক্ত কৰিবলৈও আহ্বান জনাইছে  । এই সম্পৰ্কে মেঠনী চাহ বাগিছাৰ পৰিচালকে কলকাতাত থকা মুখ্য কাৰ্যালয়ৰ সৈতে আলোচনা কৰিব বুলি উদ্যান কৰ্ত্তৃপক্ষক জনাইছে । ইফালে বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াই  জানিব দিয়া মতে মেঠনী চাহ বাগিছাৰ পৰিচালকে এই সম্পৰ্কে এখন আবেদন দিছে ।  ৰাজহ চক্ৰ বিষয়াই  দুই এদিনতে উক্ত এলেকা পৰ্যবেক্ষণ কৰি পৰিস্থিতিৰ বুজ লব বুলিও জানিব দিয়ে ।

লগতে পঢ়ক ৭৩ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ভাদ মাহৰ পথাৰত নামিল ৰোৱনী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply