কাজিৰঙাঃ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ১অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰিলে বন মন্ত্ৰীয়ে।
ৰাজ্যৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কৃষি মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত মিহিমুখৰ মূল প্ৰৱেশদ্বাৰ ফিটা কাটি আনুষ্ঠানিক ভাৱে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰে।
মাত্ৰ তিনিটা ৰেঞ্জহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বৰ্তমান উদ্যানখনত পৰ্যটকসকলে জিপ চাফাৰিহে কৰিব পাৰিব।
লগতে পঢ়কঃ বিশ্বৰ আগশাৰীৰ সাংবাদিকতা বঁটাৰে সন্মানিত অসমৰ যুৱ সাংবাদিক পৰী শইকীয়া
কাজিৰঙা মুকলি হোৱা পহিলা দিনটোতে বহিঃ ৰাজ্যৰ একাংশ পৰ্যটক উপস্থিত হয় কাজিৰঙাত।পৰ্যটকৰ বাবে আংশিকভাৱে কহঁৰা আৰু বাগৰী বনাঞ্চলহে শুকুৰবাৰৰ পৰা মুকলি কৰা হয়।
শীঘ্ৰে বুঢ়াপাহাৰ আৰু অগৰাতলী বনাঞ্চলো পৰ্যটকৰ বাবে মুকলি কৰা হ’ব।নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে কাজিৰঙাত মুকলি হ’ব হাতী চাফাৰী।