বানপানীৰ সময়ত বিপদত পৰা বন্য জীৱ-জন্তুসমুহক উদ্ধাৰ কৰাৰ বাবে সাজু হৈছে জামুগুৰিহাটৰ দক্ষিণ প্ৰান্তত থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ বনকৰ্মী সকল।
নদীৰ বাঢ়নী পানী সোমোৱাৰ পাছত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰা বন্য জীৱ-জন্তুসমুহ যাতে কোনো দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হ’ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিছে বনকৰ্মী সকলে।
বনাঞ্চলৰ নিকটৱৰ্ত্তী গাঁও সমুহত এইবাৰ কৰ’ণা মহামাৰীৰ পৰিপেক্ষিতত সজাগতা সভা অনুষ্ঠিত ন’হল যদিও বানপানীৰ সময়ত জনাঞ্চলত প্ৰবেশ কৰা বন্য জীৱ-জন্তু সমুহৰ ৰক্ষণাবেক্ষণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেই সন্দৰ্ভত ইতিমধ্যে মাইকযোগে বন বিভাগৰ ফালৰ পৰা বিভিন্ন দিহা পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰা হৈছে ।
ইফালে বানপানীত আবদ্ধ হৈ থকা বন্য জীৱ-জন্তুসমুহক উদ্ধাৰৰ বাবে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পানপুৰ বনাঞ্চলত সাতখন হাত নাঁৱৰ লগতে দুখন মেচিন নাওঁ সাজু হৈ আছে বুলি জানিবলৈ দিছে বনবিভাগৰ লোকে।