নিউজ ডেস্কঃ ২০২২-২৩ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন বৰ্ষত নতুন অভিলেখ গঢ়িলে বিশ্ব ঐতিহ্যক্ষেত্ৰই । বিগত বৰ্ষৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা পাঁচমহীয়া ২০২২-২৩ পৰ্যটন বৰ্ষত কাজিৰঙালৈ ২ লাখ ৪০ হাজাৰ ৯২ গৰাকী পৰ্যটক আগমন ঘটে। য’ত বিদেশী পৰ্যটকৰ সংখ্যা ৭ হাজাৰ ১২৬ গৰাকী। যিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে।

এই পৰ্যটন বৰ্ষত সংগ্ৰহ হোৱা মুঠ ৰাজহ পৰিমান ৫ কোটি ৯৭ লাখ ২৯ হাজাৰ ৪৮০ টকা। এই তথ্য প্ৰকাশ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

লগতে, সঞ্চালক গৰাকীয়ে জানিব দিয়া অনুসৰি, বিশ্বৰ বিভিন্ন দেশৰ পৰ্যটক কাজিৰঙালৈ আহিছে যদিও চুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ সংখ্যা যথেষ্ট বেছি।

উল্লেখযোগ্য যে, ২০২১-২২ পৰ্যটন বৰ্ষত পৰ্যটকৰ সংখ্যা আছিল ২ লাখ ৩৬ হাজাৰ আৰু ৰাজহ সংগ্ৰহ হৈছিল ৫ কোটি ৪৩ লাখ টকা। য’ত কেৱল মাত্ৰ ৯৬৬ গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply