স্বপন নাথ, কাজিৰঙা : মহামাৰী ক’ভিডৰ কাৰণে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা দেশ বিদেশৰ পৰ্যটকৰ এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ কাজিৰঙাৰ দূৰ্গাপুৰ গাঁৱত অৱস্থিত কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানখন ।
দৰ্শনাৰ্থীৰ কাৰণে বিগত সাত মাহ বন্ধ কৰি ৰাখিব লগা হৈছিল । বৰ্তমান ক’ভিডৰ প্ৰকোপ নিয়ন্ত্ৰণ হোৱালৈ চাই অৰ্থাৎ পৰিস্থিতি কিছু সুস্থিৰ হোৱাত আগন্তুক পহিলা চেপ্তেম্বৰৰ পৰা দৰ্শনাৰ্থীৰ বাবে পুনৰ মুকলি কৰা হব ।
কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যান পৰিচালনা কৰি থকা সমবায় সমিতিৰ সদস্য সচিব ৰতন দাৱে জানিব দিয়া মতে “মহামাৰী ক’ভিডৰ কাৰণে প্ৰশাসনৰ নীতি- নিৰ্দেশনা মতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানখন বন্ধ কৰি ৰখা হৈছিল । উদ্যানখন বন্ধ কৰি ৰখা হৈছিল যদিও ইয়াত জঢ়িত কৰ্মচাৰীসকলক বিগত সাত মাহ উদ্যান পৰিচালনা কৰা সমবায় সমিতিখনে পাৰিতোষিক দি থাকিব লগা হোৱাত আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে।”
বৰ্তমান ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱালৈ চাই অহা পহিলা চেপ্তেম্বৰত আনুষ্ঠানিক ভাৱে অৰ্কিড উদ্যানখন পুনৰ মুকলি কৰাৰ বাবে পৰিস্কাৰ – পৰিচ্ছন্ন কৰাৰ কাম চলাই থকা হৈছে । উল্লেখ্য বিগত সাত মাহ উদ্যান বন্ধ হৈ পৰাত বাঁহ উদ্যান, ঔষধি গছৰ উদ্যান, বিভিন্ন প্ৰজাতিৰ অৰ্কিড, নাৰ্চাৰি,ৰান্ধনী ঘৰ, গ্ৰীণ হাউচ, বোৱা কটা কেন্দ্ৰ, ফটো গেলেৰীকে আদি কৰি বহু সামগ্ৰী নষ্ট হৈ পৰিছে ।

উদ্যানখন পুনৰ নতুনকৈ মেৰামতি কৰিবলৈ বহু ধনৰ প্ৰয়োজন হৈ পৰিছে বুলিও সদস্য সচিব ৰতন দাৱে মত প্ৰকাশ কৰে । ইফালে বহু সংখ্যক কৰ্মচাৰীয়ে উদ্যানখনলৈ যোৱা পথ , তোৰণ, সীমান্ত বেৰ আদি মেৰামতিৰ পৰা আৰম্ভ কৰি ৰং সানি নতুনকৈ সজাই পৰাই তুলাত ব্যস্ত হৈ পৰা দেখা গৈছে । অন্যহাতে উদ্যানখনত পূৰ্বে প্ৰদৰ্শন কৰি অহা অসমৰ বিভিন্ন নৃত্য গীত আদি সাংকৃতিক কৰ্মীয়ে দৰ্শনাৰ্থীৰ সন্মূখত উপস্থাপন কৰিবলৈ আখৰা কৰি সাজু হোৱাৰ প্ৰস্তুতি চৰাই আছে ।
উল্লেখ্য কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানখনে পৰ্যটনৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে । এইখন উদ্যানত প্ৰায় শতাধিক স্থানীয় লোকক কৰ্ম সংস্থাপন দি থকাৰ উপৰিও এই উদ্যানৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে দূৰ্গাপুৰ গাঁৱৰ পৰা আৰম্ভ কৰি সমগ্ৰ কাজিৰঙা অঞ্চলত বহু লোকে ব্যৱসায় কৰি আৰ্থিক ভাৱে স্বাৱলম্বি হবলৈ সক্ষম হৈছে ।
গতিকে চৰকাৰে কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যানলৈ কিছু আৰ্থিক সাহাৰ্য্য আগবঢ়াবলৈ কাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱবৈচিত্র উদ্যান পৰিচালনা কৰা সমবায় সমিতিয়ে আহ্বান জনাইছে ।
লগতে পঢ়ক সৰ্বানন্দ সোণোৱালে এতিয়া আশীৰ্বাদ যাত্ৰাৰ সলনি ৰাইজৰ সেৱাহে কৰিব লাগিছিল : ভূপেন কুমাৰ বৰা