বোকাখাতৰ পৰা উত্তম কুমাৰ শৰ্মাঃ পেৰিছত‌ প্ৰদৰ্শিত হ’ব কাজিৰঙাৰ চিত্ৰশিল্পী পাপু ঘোষৰ চিত্ৰ। ইতিমধ্যে কাজিৰঙা চিত্ৰশিল্পী পাপু ঘোষৰ তিনিখনকৈ বিশেষ চিত্ৰ ক্ৰয় কৰিছে লণ্ডনৰ চাৰ্লোট ৱিচান নামৰ এগৰাকী চিত্ৰ সংগ্ৰহকাৰীগৰাকীয়ে(art collector)।

উল্লেখযোগ্য যে বিভিন্ন দেশৰ চিত্ৰশিল্পীৰ দ্বাৰা অংকিত তথা বিশেষ তাৎপৰ্য বহনকাৰী চিত্ৰ সংগ্ৰহ কৰাৰ লগতে বিশ্বৰ বিভিন্ন দেশত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা লণ্ডনৰ এই গৰাকী চিত্ৰ সংগ্ৰহকাৰীয়ে যোৱা দেওবাৰে পাপু ঘোষৰ কাজিৰঙাস্থিত বাসগৃহত উপস্থিত হৈ তিনিখন চিত্ৰ ক্ৰয় কৰাৰ লগতে পৰৱৰ্তী সময়ত সেই চিত্ৰসমূহ পেৰিচৰ লগতে বিদেশৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়কঃমঙলদৈ কৰ্কট চিকিৎসালয়ত স্থানীয় উপযুক্ত প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী আছুৰ

ইফালে বিভিন্ন সময়ত নিজৰ অনন্য চিত্ৰশিল্পৰ দ্বাৰা চৰ্চিত হৈ পৰা কাজিৰঙাৰ চিত্ৰশিল্পী পাপু ঘোষে শেহতীয়াকৈ চহা কৃষকৰ ভাৰাক্ৰান্ত জীৱন আৰু প্ৰকৃতিৰ ওপৰত উদ্যোগীকৰণৰ ভয়াৱহ প্ৰভাৱকেই মুল বিষয়বস্তু হিচাপে লৈ অংকন কৰা তিনিওখন চিত্ৰই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ আদৰ লাভ কৰাত সন্তোষ প্ৰকাশ কৰাৰ লগতে লক্ষণীয়ভাৱে পোন প্ৰথমবাৰৰ বাবে অসমৰ সৃষ্টিশীল চিত্ৰই মৰ্যাদা লাভ কৰা বুলি মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply