কাজিৰঙাঃ সকলো জল্পনা-  কল্পনা  আৰু বিতৰ্কৰ অন্তত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণ কৰাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। এই উৰণীয়া সেতু নিৰ্মাণৰ পূৰ্বে বিধিগত ভাৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ শুনানি বা পৰামৰ্শ লোৱাৰ উদ্দেশ্যে দেওবাৰে বোকাখাত আৰু কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰীদ্বয়ৰ উপস্থিতিত কহঁৰা আৰু কুঠৰীত দুখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত হয় ।

এই দুইখন সভাতেই একাংশ ৰাইজে উৰণীয়া সেতু নিৰ্মাণৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । এই উদ্দেশ্যে কলিয়াবৰ মহকুমাৰ অধীনত নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত কুঠৰী সমূহীয়া ভৱনত প্ৰথমখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

বোকাখাত আৰু কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ উপৰিও নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভন,বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক অমিত সাহায়, মুখ্য বন সংৰক্ষক ( বন্যপ্ৰাণী) এম কে যাদব, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰ, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা মুকুল চন্দ্ৰ দাস আদিৰ উপস্থিতিত সভাত প্ৰথমে লোক নিৰ্মাণ বিভাগৰ অতিৰিক্ত মুখ্য অভিযন্তা শান্তনু ভট্টাচাৰ্যই জখলাবন্ধাৰ পৰা বোকাখাতৰ ভিতৰত থকা নিৰ্মাণ কৰিবলগা তিনিখন উৰণীয়া সেতু সম্পূৰ্ণ স্থিৰ চিত্ৰৰ দ্বাৰা পুংখানুপুংখকৈ ৰাইজক অৱগত কৰে।

সভাত কলিয়াবৰৰ বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী অতুল বৰাই দীৰ্ঘদিনৰ পৰা ৰাইজে চাৰিলেন যুক্ত ৰাস্তাৰ বাবে দাবী জনাই অহাৰ অন্তত এতিয়া বিকল্প ব্যৱস্থা হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধানকৈ এনিমেল কৰিডৰবোৰত উৰণীয়া সেতু নিৰ্মাণ কৰা কথা প্ৰকাশ কৰে । সভাত অতিৰিক্ত মুখ্য অভিযন্তা শান্তনু ভট্টাচাৰ্যই জানিবলৈ দিয়া মতে বিশেষকৈ কাজিৰঙাত অৰ্থাৎ  জখলাবন্ধাৰ ৰাঙলুৰ  পৰা দেওপানীলৈকে পাঁচটা এনিমেল কৰিডৰৰ ওপৰেদি ১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণ কৰা হ’ব।

ইয়াৰ পিছৰখন বাগৰি আৰক্ষী চকীৰ পৰা বাগৰি, হাৰমতি আৰু  হালধিবাৰী এনিমেল কৰিডৰৰ ওপৰেদি ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু আৰু তৃতীয়খন শিলজুৰিৰ এন আৰ এল তেল ডিপুৰ পৰা পানবাৰী এনিমেল কৰিডৰৰ ওপৰেদি বৰজুৰিলৈকে উৰণীয়া সেতু নিৰ্মাণৰ প্ৰাককলন প্ৰস্তুত কৰিছে । 

ইফালে ৰাঙলুৰ পৰা কিছু নিলগত অৰ্থাৎ বন্যপ্ৰাণীৰ কোনো প্ৰভাৱ নপৰা এলেকা কৰ্তন কৰি প্ৰথমখন উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ ৰাইজে পৰামৰ্শ আগবঢ়ায়। অন্যহাতে দ্বিতীয়খন উৰণীয়া সেতুৰ তলত থকা বাগৰি আৰু হাৰমতি এলেকাৰ লোকে জীৱন জীৱিকাৰ কথা চিন্তা কৰি উক্ত এলেকা কৰ্তন কৰিবলৈ তীব্ৰ প্ৰতিবাদ জনায়।

লগতে পঢ়কঃবৃহৎ নদীবান্দৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

উল্লেখ্য কহঁৰা অনুষ্ঠিত হোৱা  দ্বিতীয়খন ৰাজহুৱাতো মন্ত্ৰী অতুল বৰা,কেশৱ মহন্তৰ উপৰিও মন্ত্ৰী ৰণো পেগুৱে অংশগ্ৰহণ কৰা  সভাখনত একে ধৰণে লোক নিৰ্মাণ বিভাগে উৰণীয়া সেতুৰ তথ্য দাঙি ধৰাৰ পিছত ৰাইজ ,বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে নিজৰ পৰামৰ্শ আগবঢ়ায় ।

চৰকাৰে উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ যাওঁতে একাংশ ৰাইজে জীৱন, জীৱিকা, ব্যৱসায় আদিও ব্যাঘাত জন্মাৰ কথা চিন্তা কৰি প্ৰতিবাদ কৰাও দেখা যায়। 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমায়েদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতি বছৰ বিশেষকৈ বানপানীৰ সময়ত পহু, গাহৰিকে আদি কৰি বহু সংখ্যক বন্যপ্ৰাণী তীব্ৰ বেগী গাড়ীৰ খুন্দাত মৃত্যুৰ মুখত পৰিবলগা হয়।

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত বানপানীৰ সৃষ্টি কৰিলে গঁড়, হাতী, পহু, বাঘ আদি বহু সংখ্যক বন্যপ্ৰাণী নিৰাপদ ঠাই আৰু খাদ্যৰ সন্ধানত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু পাহাৰৰ নামনিত আশ্ৰয় লয় ।

বানৰ সময়ত আশ্ৰয় ল’বলৈ যোৱা বন্যপ্ৰাণী ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা তীব্ৰ বেগী গাড়ীৰ খুন্দাত মৃত্যু হোৱাটো এক স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে।

বন বিভাগৰ লগতে প্ৰশাসনে যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ ১৪৪ ধাৰা বলবত কৰাৰ উপৰিও ৰাষ্ট্ৰীয় পথত বেৰিকেট স্থাপন কৰি টাইম কাৰ্ড দিয়াৰ ব্যৱস্থা কৰে যদিও বন্যপ্ৰাণীৰ মৃত্যু হৈ থাকে ।

এই সমস্যা স্থায়ী ভাৱে সমাধান কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষকৈ এনিমেল কৰিডৰত উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ বহু বছৰৰ পৰা প্ৰকৃতিপ্ৰেমীয়ে চৰকাৰক আহ্বান জনাই আহিছে ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি  ইয়াৰ এক স্থায়ী সমাধান কৰাৰ উদ্দেশ্যে কাজিৰঙাৰ এনিমেল কৰিডৰত ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছে । 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply