বোকাখাতঃ আজিৰে পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হৈছে ১৪ সংখ্যক গঁড় গণনা‌। ২৬, ২৭ আৰু ২৮ মাৰ্চ তাৰিখে উদ্যানখনত সম্পন্ন হ’ব ১৪ সংখ্যক এই গঁড় গণনা কাৰ্যসূচী। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ২০১৮ চনত হৈছিল বিশ্ব বিখ্যাত এটা খর্গযুক্ত গঁড়ৰ গণনা৷ ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে জানিবলৈ দিয়া মতে, বনকৰ্মী, বিশেষজ্ঞ আৰু স্বেচ্ছাসেৱকৰ সহায়ত সম্পন্ন কৰা হ’ব এই গণনা।

শেহতীয়াকৈ ২০১৮ বৰ্ষত চলা গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২৪১৩ টা গঁড়ৰ সংখ্যা পোৱা গৈছিল। প্ৰাপ্ত তথ্য অনুসৰি, এইবাৰ গঁড়ৰ গণনাৰ বাবে উদ্যানখনক ৮৪ টা কম্পার্টমেন্ট্ত ভাগ কৰা হৈছে৷ এই গণনাকার্যৰ বাবে মুঠ ৬৩ গৰাকী বিশেষজ্ঞক আমন্ত্ৰণ কৰিছে কাজিৰঙা উদ্যান কর্তৃপক্ষই ৷

ইফালে গঁড় গণনাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ বাবে উদ্যানখনৰ কঁহৰা, বাগৰি, অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চলকে ধৰি আটাইকেইখন বনাঞ্চলত এলিফেণ্ট ছাফাৰী ২৬–২৮ মাৰ্চলৈকে বন্ধ থাকিব। অন্যহাতে, ২৬ মাৰ্চত ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চল পৰ্যটকৰ কেৱল জীপ ছাফাৰীৰ বাবে মুকলি থকাৰ বিপৰীতে কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল বন্ধ থাকিব। ২৭ মাৰ্চত অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে বন্ধ থাকিব যদিও কঁহৰা, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল মুকলি থাকিব আৰু ২৮ মাৰ্চত পৰ্যটকৰ বাবে বুঢ়াপাহাৰ বনাঞ্চল মুকলি থকাৰ বিপৰীতে কঁহৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চল পৰ্যটকৰ বাবে জীপ ছাফাৰী বন্ধ ৰখা হ’ব বুলি উদ্যান কর্তৃপক্ষই এক নির্দেশযোগে ঘোষণা কৰিছে।

উল্লেখযোগয্য যে ১৯৬৫ চনত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত সম্পন্ন হৈছিল গঁড় গণনা কাৰ্যসূচী আৰু সেই গণনাত পোৱা গৈছিল ৩৬৬টা গঁড়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply