কাজিৰঙাঃ পুনৰ কাজিৰঙাত গঁড় হত্যা। কাজিৰঙাৰ কহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰৰ সন্মুখত উদ্ধাৰ হৈছে গঁড়ৰ মৃতদেহ।
ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বনবিভাগে ।
মৃত গঁড়টোৰ পৰা চিকাৰীয়ে কাটি নিছে খৰ্গ।
লগতে পঢ়কঃকাজিৰঙাত যোৱা চাৰি বছৰে হ্ৰাস হৈছে দল হৰিণৰ সংখ্যা
বুধবাৰৰ নিশা ৮ -৪৫ মিনিটত বনৰক্ষীয়ে শুনিবলৈ পাইছিল গুলীৰ শব্দ।
এতিয়া চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে জোৰদাৰ অভিযান আৰম্ভ কৰিছে।
যোৱা বৰ্ষটোত মাত্ৰ এটা গড়ৰ মৃত্যু হৈছিল চোৰাং চিকাৰীৰ হাতত।