কাজিৰঙাঃ ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ পৰা চোৰাংচিকাৰী বা চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰা গঁড়ৰ খৰ্গবোৰ বিজ্ঞানসন্মতভাৱে পুনৰ পৰীক্ষণ আৰম্ভ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জত থকা বন বিভাগৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত আজি পুৱাৰে পৰাই গঁড়ৰ খৰ্গ পুনৰ পৰীক্ষণ আৰু নমুনা সংগ্ৰহৰ অভিযান আৰম্ভ কৰে উচ্চপদস্থ বিশেষজ্ঞৰ এটা দলে ৷
বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ৰ ৩৯ অনুচ্ছেদৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জমা হৈ থকা গঁড় খৰ্গ, হাতীৰ দাঁত বা তেনে জাতীয় অনুসুচীভুক্ত বন্যপ্ৰাণীৰ দেহাংশ ৰাজহুৱাকৈ বিনষ্ট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
লগতে পঢ়কঃকাৰ্বি শান্তি চুক্তিকলৈ স্বাক্ষৰকাৰীৰ সমালোচনা প্ৰতিবাদকাৰীৰ
অসমৰ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদৱক সভাপতি হিচাপে লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হয় ৷
এই সমিতিৰ অধীনতে এখন কাৰিকৰী সমিতি আৰু সাতখন জ’নেল সমিতি গঠন কৰা হৈছে ৷ কাৰিকৰী সমিতিত প্ৰকৃতি সংগঠন আৰণ্যক, বিশ্ব প্ৰকৃতি নিধি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষজ্ঞ আৰু জ’নেল সমিতিত স্থানীয় লোকৰ প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা হৈছে ৷
আজিৰ দিনটোত মুঠ ৪৮০টা খৰ্গৰ ভিতৰৰ ৩০০টা খৰ্গৰ পৰীক্ষা কৰা হয় ৷ বাকী থকা ১৮০টা খৰ্গৰ আদালতৰ গোচৰৰ সৈতে জড়িত ১১টা খৰ্গ বাদ দি ১৬৯টা খৰ্গ ৭ ছেপ্তেম্বৰত পৰীক্ষা কৰিব পৰীক্ষণ সমিতিয়ে ৷