নিউজ ডেস্কঃ কাজিৰঙাৰ পৰা আহিছে এক ভাল খবৰ। কিয়নো ৰাষ্ট্ৰীয় উদ্যানখনত শেহতীয়াকৈ কৰা গঁড় গণনাত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় গণনাৰ ফলাফল ঘোষণা কৰা হৈছে ইতিমধ্যে।
এই ফলাফল অনুসৰি, কাজিৰঙাত গঁড়ৰ সংখ্যা বৃদ্ধি পালে ২৬১৩টালৈ। ২০১৮চনৰ গঁড় গণনাত এই সংখ্যা আছিল ২৪১৩টা। অৰ্থাৎ ২০০টা গঁড় বৃদ্ধি পাইছে যোৱা চাৰিটা বছৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত।

উল্লেখ্য যে, যোৱা ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ এই গঁড় গণনা কৰা হয়। আৰু ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ সংখ্যা বৃদ্ধি পোৱা বুলি জানিব পৰা যায়। এইবাৰৰ গঁড়ৰ গণনা অনুসৰি, এই গণনা সঠিকভাৱে সম্পন্ন কৰাৰ বাবে জিপিএছ আৰু বাইনকুলাৰৰ ব্যৱহাৰ কৰা হয়। তদুপৰি প্ৰথমবাৰৰ বাবে গঁড় গণনাৰ বাবে ড্ৰ’নৰ ব্যৱস্থা কৰা হৈছে বুলিও জানিব পাৰ গৈছে।
ৰাষ্ট্ৰীয় উদ্যানখনৰ এলেকাৰ ৭৬ টা কম্পাৰ্টমেন্টত আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৮ টা কম্পাৰ্টমেন্টত গঁড় গণনা কৰা হয় । এই গণনাৰ প্ৰথম দুটা দিনত আমন্ত্ৰিত গণনাকাৰীৰ সহায়ত মুঠ ৮৪ টা কম্পাৰ্টমেন্ট আৰু তৃতীয় দিনটো উক্ত কম্পাৰ্টমেন্টৰ মাজত মুঠ ২৬ টা কম্পাৰ্টমেন্টত পুনৰ পৰীক্ষা আৰু গণনা কৰা হয়।
এই গণনা কাৰ্যত মুঠ ৬৪ জন গণনাকাৰী, ১২ গৰাকী পৰ্যবেক্ষক , ৪৯ গৰাকী সংবাদকৰ্মীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও ৫০ টা হাতী আৰু মাউটৰ লগতে প্ৰত্যক্ষভাৱে ২৫২ গৰাকী বনকৰ্মীক জড়িত কৰা হয়।