বনকৰ্মীলৈ এন টি চি'ৰ প্ৰশংসা পত্ৰ

কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়োৱাৰ কাৰণে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণে দুজন বনকৰ্মীক প্ৰশংসা পত্ৰ প্ৰদান কৰিছে ।

বিভাগীয় সূত্ৰে জানিব পৰা মতে বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ বনাঞ্চলত ঢেকীয়া পতীয়া বাঘক কেমেৰা ট্ৰেপ পদ্ধতিৰে গননা কৰাৰ উপৰিও বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ সেৱা আগবঢ়োৱাৰ বাবে বনকৰ্মী পাপুল ৰাভা আৰু বিষ্ণু জে গগৈক ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ সদস্য সচিব ড. সত্য প্ৰাকাশ যাদবে স্বাক্ষৰ কৰি প্ৰশংসা পত্ৰ প্ৰদান কৰে ।

ইফালে কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা টাইগাৰ ৰিজাৰ্ভৰ ক্ষেত্ৰ সঞ্চালক পি শিৱকুমাৰ আৰু বন সংমন্ডল বিষয়া ৰমেশ গগৈৰ লগতে বেচৰকাৰী স্বেচ্ছাসেবী সংগঠন আৰণ্যকৰ সচিব প্ৰধান ড. বিভৱ কুমাৰ তালুকদাৰে উক্ত দুই বনকৰ্মীক গামোচাৰে সম্ভাষণ জনাই আগন্তুক দিনত আৰু অধিক উৎসাহেৰে কাম কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক নীলবাগানৰ সুলভ মূল্যৰ দোকানৰ চাউল কলা বজাৰত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply