প্ৰতিনিধিত্বমূলক ফটো

কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পালে কভিড মহামাৰী। কাজিৰঙালৈ অহা দুই পৰ্যটকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। মহাৰাষ্ট্ৰৰ পুনেৰ পৰা আহিছিল পৰ্যটক দুজন। ৮ জনীয়া পৰ্যটকৰ দলত আছিল কভিডত আক্রান্ত হোৱা পৰ্যটক দুজন।

কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ক্ৰমাৎ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে দেশত। দেশৰ কেইবাখনো ৰাজ্যত কভিড মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ লগতে অসমতো প্ৰতিদিনে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। গুৱাহাটী ৰে’ল ষ্টেচনত বহিঃৰাজ্যৰ পৰা ইজনৰ পিছত সিজন লোকৰ শৰীৰত ধৰা পৰিছে কভিড।

আৰু পঢ়কঃকেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আক্রান্ত হৈছে কৰ’ণাত

অন্য ৰাজ্যৰ তুলনাত বৰ্তমানলৈকে অসমত কভিড আক্রান্ত লোক সংখ্যা বহু কম যদিও আক্রান্ত সংখ্যা অধিক বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ মাজতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আহিছে বেয়া খবৰ। কাজিৰঙাত বহিঃৰাজ্যৰ পৰা অহা পৰ্যটকৰ শৰীৰত ধৰা পৰিছে কভিড।

মহাৰাষ্ট্ৰৰ পুনে চহৰৰ পৰা কাজিৰঙা ভ্ৰমণলৈ অহা দুজন পৰ্যটকৰ শৰীৰত কভিড ধৰা পৰিছে। কঁহৰাৰ এখন ব্যক্তিগত অতিথিশালা ‘কাজিৰঙা হলিডে’ত’ থকা পুনেৰ দুজন পৰ্যটকৰ দেহত কভিড ধৰা পৰিছে। কভিডত আক্রান্ত হোৱা পৰ্যটকৰ দুজন ৮ জনীয়া পৰ্যটকৰ দলৰ লগত আছিল।

কভিড আক্রান্ত দুয়োজন পৰ্যটকক গোলাঘাটস্থিত কভিড হাস্পতাললৈ লৈ প্ৰেৰণ কৰা হৈছে। ইফালে ৮ জনীয়া পৰ্যটকৰ দলটোৰ ৬ গৰাকী পৰ্যটকৰ কভিড ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply