নিউজ ডেস্ক: নিজ পত্নীক হত্যা কৰাৰ অভিযোগত নগাঁৱৰ এজন লোকক কেৰেলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযুক্ত লোকজনে কৰ্মসূত্ৰে পত্নীসহ কেৰেলাত বাস কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
প্ৰাপ্ত তথ্য মতে মঙলবাৰে কেৰেলা আৰক্ষীৰ এটা দলে নগাঁও জিলাৰ জুৰিয়াৰ পৰা জুৰিয়া আৰক্ষীৰ সহযোগত লোকজনক আটক কৰিবলৈ সক্ষম হয়।
লোকজনৰ চাকৰিৰ সূত্ৰে পতি-পত্নী দুয়োগৰাকী কেৰেলাৰ পেৰুমবুৰত এটা ভাড়াঘৰত বাস কৰি আহিছিল। অভিযোগ অনুসৰি উক্ত ভাড়া ঘৰতে তেওঁ নিজ পত্নীক হত্যা কৰি নগাঁৱলৈ পলাই আহে।
অভিযুক্ত লোকজনক তদন্তৰ বাবে কেৰেলালৈ লৈ যোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – বলীউড-পাঞ্জাৱী সংগীত পৰিচালক ৰাজবীৰ সিঙৰ অসমীয়া গীত মুকলি