বৰমা : বৰমাৰ বহুমুখীৰ অন্তৰ্গত নলবাৰী জিলাৰ দীপ্তাত শনিবাৰে নিশা প্ৰায় ২০০ লিটাৰ কেৰাচিন তেল জব্দ কৰে স্থানীয় ৰাইজে। সুলভ মূল্যৰ দোকানৰ এজেন্ট ৰূপধন আলীয়ে চোৰাংকৈ বিক্ৰী কৰিব লৈছিল কেৰাচিন তেলখিনি।
ৰাইজে এ এছ-০১-ডি টি-৯৭০৪ নম্বৰৰ এখন মাৰুতি গাড়ীৰ লগতে জব্দ কৰে কেৰাচিন তেলখিনি। কেৰাচিন তেল জব্দ কৰাৰ সময়ত খৰ্গহস্থ এজেন্ট ৰূপধনৰ ভতিজাক ৰাকিব আলীয়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আজাহাৰ আলী নামৰ এজন লোকক।আক্ৰমণত আজাহাৰ আলী গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়।
লগতে পঢ়ক : মৰিগাঁৱৰ বালিডোঙাত শিশু ধৰ্ষণ-হত্যাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ
ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত চলাই গাড়ীৰ হেন্দিমেন মুজাহিদ আলীক আটক কৰে। আনফালে গাড়ী চালক তথা চোৰাং তেল ক্ৰতা আলীমুদ্দিনে ঘটনা স্থলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে ৰূপধন আলীয়ে পূৰ্বৰে পৰাই সুলভ মূল্যৰ চাউল, কেৰাচিন তেল বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। ৰূপধন আলীৰ ওপৰত ব্যৱস্থা ল’বলৈ স্থানীয় ৰাইজে দাবী জনায়।