নিউজ ডেস্কঃ গুজৰাটৰ কেৱড়িয়াৰ একতা নগৰত অনুষ্ঠিত হোৱা ‘স্বাস্থ্য চিন্তন শিবিৰ’ শীৰ্ষক কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ চতুৰ্দশ সন্মিলনত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলন ৫ মে’ৰ পৰা আৰম্ভ হৈ ৭ মে’লৈকে অনুষ্ঠিত হ’ব।

সন্মিলনৰ প্ৰথম দিনটোত অংশগ্ৰহণ কৰে অসমৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত নিৰ্মাণ কৰা কৰ্কট চিকিৎসা কেন্দ্ৰসমূহৰ জৰিয়তে অসমত কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে লোৱা দূৰদৰ্শী পদক্ষেপৰ বিষয়ে উপস্থাপন কৰে।

সন্মিলনৰ প্ৰথম দিনাৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে ২৫ খন ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আৰু শীৰ্ষ বিষয়াসকল। অসমক প্ৰতিনিধিত্ব কৰি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু এনএইচএম, অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়ায়েও অংশগ্ৰহণ কৰে।

লগতে পঢ়কঃকোভিডৰ বাবে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে Asian Games 2022

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply