গুৱাহাটী : হাতত সময় নাই, মাজত মাত্ৰ কেইটামান দিন। সময়ৰ পূৰ্বে পতাকা নিৰ্মাণ কৰিব উলিয়াব লাগিব। গতিকে পতাকা নিৰ্মাণৰ কামত ব্যস্ত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কৰ্মচাৰী সকল। ব’ৰ্ডৰ মহিলা কৰ্মচাৰী সকল চিলাই গৈছে এটাৰ পিছত আনটো পতাকা।

বিগত দুবছৰ ধৰি কভিডসৃষ্ট পৰিৱেশৰ বাবে সমস্যাত পৰিছে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড। বিশেষকৈ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ পূৰ্বে ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে সময়ৰ অভাৱ হৈছে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ।

ক’ভিড বাবে লকডাউন ঘোষণা কৰাৰ বাবে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাম বন্ধ আছিল। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাত কাম আৰম্ভ হৈছে যদিও স্বাধীনতা দিৱস উপলক্ষে পতাকা নিৰ্মাণৰ বাবে বহু কাম সময় পাইছে কৰ্মচাৰী সকল।

সাধাৰণতে স্বধীনত দিৱস আৰু গণতন্ত্ৰ দিৱসৰ দুমাহ পূৰ্বৰ পৰাই অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কৰ্মচাৰী সকল ব্যস্ত হৈ পৰে পতাকা নিৰ্মাণত। কিন্তু এইবাৰ দুমাহ সময় লাভ কৰা নাই ব’ৰ্ডৰ কৰ্মচাৰী সকলে।

অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড প্ৰতিবছৰে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উপলক্ষে ৪ পৰা ৫ হাজাৰ পতাকা নিৰ্মাণ কৰে যদিও এইবাৰ মাত্ৰ ৩ হাজাৰ পতাকা নিৰ্মাণৰ কাম হাতত লৈছে। ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ স্বাধীনতা দিৱসৰ কিছুদিন পূৰ্বৰ পৰা পতাকা নিৰ্মাণৰ কাম আৰম্ভ কৰে কৰ্মচাৰী সকলে।

লগতে পঢ়ক : হেকাৰৰ কবলত জামুগুৰিহাটৰ বহুকেইগৰাকী লোক

হাতত সময় কম যদিও ইতিমধ্যে ৩ হাজাৰৰ ভিতৰত ২ হাজাৰ ৪০০ পতাকা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ইয়াৰে বহু পতাকা ডি টি ডি চিৰ যোগে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে। হাতত মাত্ৰ এটি চাৰি দিন আৰু এই চাৰি দিনত পতাকা নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰিছে বিপুল হাজৰিকা নামৰ ব’ৰ্ডৰ এগৰাকী বিষয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply