গুৱাহাটীঃ লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ২০২১বৰ্ষৰ স্মাৰক বটাঁ প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাই। বিশিষ্ট শিল্পী খগেন গগৈক প্ৰদান কৰা হয় এই বৰ্ষৰ এই বটাঁটি। চানমাৰীত এক বিশেষ অনুষ্ঠানত শিল্পীগৰাকীক প্ৰদান কৰা হয় পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বটাঁ।
উল্লেখ্য যে, ২০০৭চনৰ পৰাই আছুয়ে প্ৰদান কৰি আহিছে পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বটাঁ। শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি প্ৰদান কৰি আহিছে এই বটাঁ।
লগতে পঢ়কঃদুৰ্ঘটনা প্ৰতিৰোধৰ বাবে মাজুলীত সজাগতা মূলক কাৰ্যসূচী
আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই প্ৰতিমা বৰুৱা পাণ্ডেৰ বাসগৃহ চৰকাৰে সংৰক্ষণ কৰাৰ আহ্বান জনাই। ১৯সংখ্যক মৃত্যু বাৰ্ষিকীত গোৱালপাৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীয়ে সংগীত চৰ্চা কৰা ঘৰটো সংৰক্ষণ কৰি পৰ্যটনস্থলী ৰূপে গঢ় দিয়াৰো আহ্বান জনাই।