আজি গণশিল্পী খগেন মহন্তৰ সপ্তম মৃত্যুবাৰ্ষিকী। সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰাৰ লগতে পাঞ্জাবাৰীস্থিত তেখেতৰ সমাধিস্থলীতো আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ। শ্ৰদ্ধাঞ্জলি এই অনুষ্ঠানত বিশিষ্ট কেইবাগৰাকীও ব্যক্তিৰ লগতে উপস্থিত থাকে পুত্ৰ অংগৰাগ পাপন মহন্ত। আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতক শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। ইয়াৰোপৰি আকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালেখ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰ শুভাৰম্ভ কৰিছিল। ২০১৪ চনৰ ১২ জুনত গুৱাহাটীৰ নিগাজীপামৰ নিজ বাসগৃহত ৭২ বছৰ বয়ষত খগেন মহন্তৰ মৃত্যু হৈছিল।

পিতৃৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলী জনাই পুত্ৰ পাপনে সামাজিক মাধ্যম যোগে কয়, “সময়বোৰ বাগৰিছে, পিছে স্মৃতিবোৰ আজিও সজীৱ। এনে লাগে যেন সৌ সিদিনাৰ কথা। পিছে দেউতা গুচি যোৱা আজি ৭টা বছৰ হ’ল। আজিৰ দিনটোতেই দেউতা, গণশিল্পী, বিহু সম্ৰাট খগেন মহন্তদেৱে আমাক এৰি থৈ গৈছিল। এই স্মৃতি দিৱসত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্তৃপক্ষই আয়োজন কৰা এক অনুষ্ঠানত ভাগ লবলৈ শ্ৰী খগেন মহন্ত উদ্যানলৈ গৈছিলো।

অনুষ্ঠানটো চলি থকাৰ সময়ত এনে লাগিছিল দেউতা ঠিক মোৰ কাষতে ৰৈ আছে। মই অন্তৰৰ পৰা সদৌটিলৈকে ধন্যবাদ জনাইছো আজি এই বিশেষ দিনটোত দেউতাক ইমান ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে। দেউতাই সদায় অসম আৰু অসমীয়াৰ কথাই কৈছিল, মই জানো তেওঁ অসম আৰু অসমীয়াৰ মাজতেই সদায় জীয়াই থাকিব।”

লগতে পঢ়ক জৰায়ুৰ অষ্ট্ৰোপচাৰৰ পিছতেই জীৱনলৈ অন্ধকাৰ নামি আহিল গোৰেশ্বৰৰ নিলীমা দাসৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply