যোৱা বছৰৰ ল’কডাউনৰ সময়ত প্ৰায় ৩ লাখ লোকক আহাৰ যোগান ধৰা খালছা চেণ্টাৰ নৰ্থ-ইষ্টে এইবাৰ গুৱাহাটীৰ ক’ভিডত আক্ৰাম্ত হৈ অক্সিজেনৰ অভাৱত ভূগি থকা ৰোগীক অক্সিজেন যোগান ধৰাৰ উদ্যোগ লৈছে।

সেই উদ্দেশ্যে ইতিমধ্যে তেওঁলোকক খালছা এইডে ২০টা অক্সিজেন উৎপাদন যন্ত্ৰ যোগান ধৰিছে।

খালছা নৰ্থ-ইষ্টৰ অধ্যক্ষ কেপ্টেইন পি পি সিঙে এই সম্পৰ্কত কয় যে যোৱা বছৰ আহাৰ প্ৰদান কৰাত তেওঁলোকে গুৰুত্ব দিছিল যদিও এইবছৰ দেখা অক্সিজেন সংকটৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে ৰাজ্যকখনৰ ক’ভিড ৰোগীসকলৰ সহায় হোৱাকৈ অক্সিজেন যোগান ধৰাৰ সিদ্ধান্ত লয়।

যোৱা দেওবাৰে এই অক্সিজেন কণচেণ্ট্ৰেটৰ সমূহ গুৱাহাটী আহি পোৱা বুলি উল্লেখ কৰি পি পি সিঙে কয় যে তেওঁলোকে ইতিমধ্যে গোলাঘাট, যোৰহাট, শোণিতপুৰ আদিৰ জিলাৰ পৰা অক্সিজেন বিচাৰি অনুৰোধ পাইছে যদিও চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথমে তেওঁলোকে গুৱাহাটী মহানগৰীত অক্সিজেন যোগান ধৰাত মনোনিৱেশ কৰিব বুলি জনায়।

লগতে পঢ়ক : বিজেপি নেতাৰ বিৰুদ্ধে ‘বিৰূপ’ মন্তব্য দিয়া মণিপুৰৰ সাংবাদিক, ৰাজনৈতিক কৰ্মীক NSAৰ অধীনত গ্ৰেপ্তাৰ

যোৱা সোমবাৰৰ পৰা ফ্ৰী অক্সিজেন লংগৰ কাৰ্য্যসূচী আৰম্ভ হোৱা বুলি উল্লেখ কৰি তেওঁ জনাই যে ১১,০০০ টকাৰ এক চিকিউৰিটিৰ বিনিময়ত ৭ দিনৰ বাবে এই অক্সিজেন মেচিন তেওঁলোকৰ পৰা পাব পাৰিব। মেচিনটো ঘূৰাই দিয়াৰ সময়ত উক্ত টকা ওভতাই দিয়া হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত মেচিনৰ মূল্য ৯০,০০০ টকা।

কোনো ৰোগীয়ে উক্ত মেচিন ৰাখিব খুজিলে প্ৰথম ৪ দিনৰ বাবে কোনোধৰণৰ ভাৰা দিব নালাগে বুলি উল্লেখ কৰি তাতকৈ বেছি দিন ৰাখিলে প্ৰতি দিনে ৫০০ টকাকৈ মাচুল লোৱা হ’ব বুলি জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply