নিউজ ডেস্কঃ খানাপাৰাত ভয়ংকৰ দুৰ্ঘটনা। ডিভাইদাৰত উঠিল স্কুল বাছ। তাজ ভিভান্টাৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হোৱা বাহনখন মহৰ্ষি বিদ্যা মন্দিৰ ৩ৰ স্কুল বাছ। বাছখনত আছিল মহৰ্ষি বিদ্যা মন্দিৰৰ দুগৰাকী ছাত্ৰী। আন এখন গাড়ীক বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় বাছখন।
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ এ এছ ০১ এল চি ১৫৬৫। কথমপি ৰক্ষা পৰে বাছখনত থকা শিক্ষাৰ্থী আৰু চালক। অন্য এখন গাড়ীক বচাবলৈ যাওঁতে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱা নাই।