গুৱাহাটীঃ ৰং তুলিকা হাতত লৈ চিত্ৰ অংকন কৰি ৰাজ্যিক পৰ্যায়তে নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ঋতুপৰ্ণ ৰায়।
মমতা ৰায় আৰু ৰঞ্জন ৰায়ৰ একমাত্ৰ সন্তান ঋতুপৰ্ণে কেন্দ্ৰীয় শক্তি মন্ত্ৰণালয়ে এই বৰ্ষৰ ডিচেম্বৰত দিল্লীত অনুস্থিত হোৱা ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিজয় লাভ কৰে কিশোৰ জনে।
আশী হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিছিল চিত্ৰাংকন প্ৰতিযোগিতাখনত।
২০১৯ চনতো ঋতুপৰ্ণে ৰাষ্ট্ৰীয় চিত্ৰাংকন প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
লগতে পঢ়কঃমৰাণত ছয় ঠেঙীয়া গৰু পোৱালি! আজৱ গৰু পোৱালি চাবলৈ ৰাইজৰ ভিৰ
আনহাতে, অসম চৰকাৰে বিভিন্ন সময়ত অনুস্থিত কৰা বিভিন্ন বিষয়ক ৰচনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিয়ো সফলতা লাভ কৰিছে কিশোৰ জন। ঋতুপৰ্ণ ৰায়ে অসম চৰকাৰৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীৰ হাতেৰে লৈছে প্ৰায় অৰ্ধশতাধিক বঁটা।
ঋতুপৰ্ণ কেৱল চিত্ৰশিল্পীয়ে নহয় তেওঁৰ দুহাতৰ পৰশত প্ৰাণ পায় তবলা আদি বাদ্যযন্ত্ৰয়ো। খেলা-ধূলাতো খুবেই নিপুণ ঋতুপৰ্ণ। কেৰাটে খেলিয়ো নাম অৰ্জন কৰিছে ঋতুপৰ্ণ ৰায়ে।
ৰাজ্যিক-ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণৰ বাবে নিজকে দখল কৰিবলৈ সাজু কৰিছে ঋতুপৰ্ণ ৰায়ে ।