বৰহাটঃ চৰাইদেউৰ সাপেখাতীৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কানুবাৰীত গৰুসহ আটক তিনি গভাইত চোৰ৷ কানুবাৰীৰ গাওঁৰক্ষী বাহিনী আৰু সাপেখাতী আৰক্ষীৰ যুটীয়া অভিযানত আটক চোৰকেইটা ৷
এ এছ ০৪ বি চি ৪০৮৭ নম্বৰ টাটা ডি আই গাড়ীৰে ৯টা গৰু অৰুণাচললৈ কঢ়িয়াই নিয়াৰ পথত আটক চোৰকেইটা৷ আৰক্ষীয়ে চোৰ কেইটাই ব্যৱহাৰ কৰা এখন বাইকো জব্দ কৰে৷ আটকাধীন চোৰকেইটা ক্ৰমে ডিব্ৰুগড়ৰ জিলাৰ চপাতলিৰ মনোজ কোচ, ৰাহুল কোচ আৰু আনজন সোণাৰি আইদেউবাৰী ৰবীন ৰাভা বুলি জানিব পৰা গৈছে। বৰ্তমান সাপেখাতী আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।