শিলচৰ: বৰাক ভেলীত ভ্ৰমনৰত দ্বিতীয়টো দিনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কাছাৰ জিলাৰ উদৰবন্দৰ খাচপুৰ ভ্ৰমণ কৰি ঐতিহ্যমণ্ডিত স্মাৰকসমূহ পৰিদৰ্শন কৰাৰ লগতে এখন সভাতো অংশগ্ৰহণ কৰে।

প্ৰাচীন ডিমাচা কছাৰী ৰাজ্যৰ ঐতিহ্য সংৰক্ষণৰ লগতে ঠাইখনক এক আকৰ্ষণীয় পৰ্যটনস্থলীলৈ ৰূপান্তৰ কৰিবলৈ ১০০ বিঘা ভূমি সামৰি এটা প্ৰকল্প গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। খিলঞ্জীয়া বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনত আমাৰ চৰকাৰে ডিমাচা কছাৰী জনগোষ্ঠীৰ ঐতিহ্য, সংস্কৃতি, পাণ্ডুলিপি, বিভিন্ন স্মাৰক সংৰক্ষণ কৰাৰ বাবে ইতিমধ্যে পৰিকল্পনা লৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্মন ডিমাচা কছাৰী উন্নয়ন পৰিষদক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে ।

ৰজা শ্ৰীশ্ৰী গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ প্ৰতিমূৰ্তি

ইয়াৰ পূৰ্বে আহোম ৰজাৰ আক্ৰমণৰ পিছত মাইবঙৰ পৰা পলাই কাছাৰ জিলাৰ খাছপুৰত ৰাজ্য স্থাপন কৰা ডিমাছা কছাৰী ৰাজ্যৰ অন্তিমগৰাকী ৰজা শ্ৰীশ্ৰী গোবিন্দ চন্দ্ৰ নাৰায়ণ হাছনুৰ প্ৰতিমূৰ্তি শিলচৰ আৱৰ্ত ভৱন চৌহদত উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে ।

এগৰাকী দক্ষ প্ৰশাসক হিচাপে ডিমাচা কছাৰীসকলৰ ভাষা-সংস্কৃতি ৰক্ষাৰে তেখেতে জনগোষ্ঠীটোৰ গৌৰৱ ধ্বজা উৰুৱাই ৰাখিছিল। সমাজৰ সকলো শ্ৰেণীৰ হকে কাম কৰি যোৱা মহান শাসক গৰাকীকো সোৱৰে মুখ্যমন্ত্ৰীয়ে ।

এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে সতীৰ্থ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য, বিমল বৰা, সাংসদদ্বয় পল্লৱ লোচন দাস, ডাঃ ৰাজদীপ ৰয় আৰু বিধায়কত্ৰয় ক্ৰমে মিহিৰ কান্তি সোম, দীপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয়ে।

লগতে পঢ়ক হোজাইত দুখীয়া দৰিদ্ৰ ৰাইজৰ বাবে আইনী সাহাৰ্য শিবিৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply