নিউজ ডেস্কঃ খটখটি আৰক্ষীয়ে চলাইছে ড্ৰাগছ বিৰোধী অভিযান। এক গোপন সূত্ৰৰ পাম খেদি খটখটি আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। আৰক্ষীয়ে খটখটিৰ লাহৰিজানত দিলৱাৰউদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত চলাই তালাচী।

আৰক্ষীৰ তালাচী অভিযানত উদ্ধাৰ কৰা হয় ১০৮.৩৮ গ্ৰাম ড্ৰাগছৰ লগতে নগত ১১ হাজাৰ টকা আৰু তিনিটাকৈ মোবাইল ফোন। শোৱনী কোঠাত গাৰোৰ ভিতৰত লুকুৱাই ৰাখিছিল 8টা ড্ৰাগছৰ চাবোনৰ বাকচ।

ইতিমধ্যে ধৃত দিলৱাৰউদ্দিনক ২৪/২০২২ নম্বৰৰ ইউ/এছ ২১(বি)/২৫/২৯ ধাৰাত আটক কৰিছে খটখটি আৰক্ষীয়ে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ৫০ লক্ষাধিক টকাৰো অধিক বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply