নিউজ ডেস্ক : মেজৰ ধ্যান চাণ্ড খেল ৰত্ন বঁটাৰ বাবে মনোনীত হৈছে অসমৰ লাভলীনা বৰগোঁহাই। লাভলীনাই এইবৰ্ষৰ খেল ৰত্ন বঁটাৰ মনোনয়ন লাভ কৰা ১১ গৰাকী খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে।
উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন বঁটাৰ বাবে মনোনয়ন লাভ কৰা গোলাঘাটৰ লাভলীনা বৰগোঁহাই হৈছে অসমৰ প্ৰথম গৰাকী খেলুৱৈ।
লাভলীনাৰ উপৰি খেল ৰত্ন বঁটাৰ বাবে মনোয়ন লাভ কৰা বাকী খেলুৱৈ সকলৰ ভিতৰত আছে টকিঅ’ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা নীৰজ চোপ্ৰা, ৰূপৰ পদক বিজয়ী মলযোদ্ধা ৰবি দাহিয়া, হকী দলৰ গ’ল ৰক্ষক পি আৰ শ্ৰীজেশ, মহিলা ক্ৰিকেট কেপ্টেইন মিতালী ৰাজ আদি।
তেওঁলোকৰ লগতে তাৰকা ফুটবলাৰ সুনীল চেত্ৰীৰ নামো উক্ত তালিকাত অন্তৰ্ভুক্ত আছে। খেল ৰত্নৰ বাবে মনোনয়ন লাভ কৰা চেত্ৰী হৈছে দেশৰ প্ৰথম গৰাকী ফুটবলাৰ।
আনকেইগৰাকী খেলুৱৈ হৈছে পাৰালিম্পিয়ান অৱনী লেখাৰা, কৃষ্ণা নাগৰ, প্ৰমোড ভগত, সুমীত এন্টিল আৰু মনীষ নৰৱাল।
উল্লেখযোগ্য যে পূৰ্বে প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত খেল ৰত্ন বঁটা প্ৰদান কৰি অহা হৈছিল যদিও এইবছৰৰ পৰা তাক সলনি কৰি মেজৰ ধ্যান চাণ্ড খেল ৰত্ন বঁটা নামাকৰণ কৰা হয়।
লগতে পঢ়ক : মাৰ্চৰ ভিতৰত অসমত বেংকৰ ৫৭ টা নতুন শাখা মুকলি কৰা হ’ব : কেন্দ্ৰীয় মন্ত্ৰী