নিউজ ডেস্কঃ হাৰিয়ানাত আজিৰে পৰা আৰম্ভ হৈছে খেলো ইণ্ডিয়া য়ুথ গেমছ। এই য়ুথ গেমছত দেশৰ প্ৰায় ৪৭০০ এথলিটে অংশগ্ৰহণ কৰিব আৰু ইয়াৰে ২২৬২ গৰাকী মহিলা এথলিট বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ৰাজধানী এক্সপ্ৰেছ যোগে প্ৰশিক্ষকসহ খেলো ইণ্ডিয়া য়ুথ গেমছৰ এথলেটিকছ ইভেন্টত অংশগ্ৰহণ কৰিবলৈ আজি ৰাওনা হৈছে অসমৰ ৪জনীয়া এটি খেলুৱৈৰ দল। এই দলটোত থকা খেলুৱৈ সকল ক্ৰমে- যোৰহাটৰ ভাৰ্গৱ দত্ত, শিৱসাগৰৰ যুগান্ত চাংমাই, গুৱাহাটী মহানগৰীৰ কপিল লাহন আৰু ঈদুল হুছেইন।

ইয়াৰে জেভলিন থ্ৰ’ত অংশগ্ৰহণ কৰিব যোৰহাটৰ ভাৰ্গৱ দত্তই, ডিছকাছ থ্ৰ’ত শিৱসাগৰৰ যুগান্ত চাংমাই আৰু গুৱাহাটীৰ কপিল লাহনে, ১০০ মিটাৰ দৌৰত অংশ গ্ৰহণ কৰিব গুৱাহাটীৰ ঈদুল হুছেইনে।

উল্লেখযোগ্য যে, প্ৰথমবাৰৰ বাবে দেশৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ খেলুৱৈসকলে খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২২ত অংশগ্ৰহণ কৰিব। তদুপৰি হাৰিয়ানাৰ ৩৯৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে এইবাৰৰ সংস্কৰণত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply