খেৰনিঃ বন্যহস্তীৰ তাণ্ডৱে টোপনি কাঢ়িছে সাধাৰণ ৰাইজৰ ৷
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে শেহতীয়াকৈ খেৰনিৰ নিহাং গাঁৱত তাণ্ডৱ চলাই বিস্তৰ ক্ষতি সাধন কৰে ৷
খাদ্যৰ সন্ধানত গাঁওখনত প্ৰৱেশ কৰি চাম টিছু আৰু বাবু বে নামৰ দৰিদ্ৰ পৰিয়ালৰ দুটিৰ বাসগৃহ ভাঙি পেলাই হাতীয়ে।
ঘৰৰ ভিতৰৰ বয় বস্তু খাই তহিলং কৰিলে হাতীয়ে।
লগতে পঢ়কঃমানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় : জব্দ ১১ টা পশুধন
এই অঞ্চলটোত দীৰ্ঘদিন ধৰি এনেদৰে বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে।
দীৰ্ঘদিন ধৰি উক্ত অঞ্চল সমূহত বনৰীয়া হাতীৰ তাণ্ডৱৰ সন্দৰ্ভত স্থানীয় বন বিভাগক অৱগত কৰিছিল যদিও আজি পৰ্যন্ত এই সমস্যাটো সমাধানত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷