খেৰণিত হাতীৰ মৃত্যু

হোজাই: পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গতস্থিত খেৰণি বন বিভাগৰ দক্ষিণ বনাঞ্চলৰ অধীনস্থ বগৰিঘাটত এজনী বনৰীয়া হাতীৰ মৃত্যু হৈছে ৷

ঘটনাৰ বিবৰণিৰ মতে আজি পুৱাই অঞ্চলটোৰ লোকে নিজৰ কুঁহিয়াৰ বাড়িত কাম কৰিবলৈ যোৱা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে মৃত্যু হোৱা বনৰীয়া হাতীটোক ৷

বনৰীয়া হাতীটোৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চল বাসী ৰাইজে বন বিভাগক খবৰ দিয়ে ৷ ইপিনে, খেৰণি বন বিভাগে ঘটনাস্থলীত উপস্থিত হৈ মৃত হাতীটোক মৰণোত্তৰ পৰীক্ষাৰ কৰি পোতাৰ ব্যৱস্থা কৰিছে ৷

উল্লেখ্য যে অঞ্চলটোত সঘনাই সংঘটিত বনৰীয়া হাতীৰ উপদ্ৰৱৰ অসহ্যতাত কোনো দুষ্টচক্ৰই হাতীৰ খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে বৃহৎৰ অঞ্চলটোৰ অধিকাংশ ৰাইজে ৷

লগতে পঢ়ক-ছয়গাৱত ২১ কেজি গাঞ্জাসহ দুই যুবক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply