খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত অসমৰ ভূমিত মেঘালয়ৰ আগ্ৰাসন আৰু সংঘাত আজিও অব্যাহত আছে। আনকি ভয়-শংকাৰে দিন – নিশা পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী ৰাইজে।
তেনে সীমা বিবাদৰ সংঘাত চলি থকাৰ মাজতে সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলঙৰ এক অংশ অথবা এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ প্ৰদান কৰে কাৰ্বি ছাত্র সন্থাই।
কাৰ্বি ছাত্ৰ সন্থাৰ থাংছিং তিমুং গোটৰ হামৰেণ ৰিজিনেল কমিটিৰ উদ্যোগত খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় এই সংবাদমেল।
লগতে পঢ়কঃ লাখটকীয়াত মহিলাসহ ছায় ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত
অসম-মেঘালয় চৰকাৰে আলোচনা আৰু গোপন বুজাবুজিৰ মাজেৰে গ্ৰহণ কৰিব বিচৰা “দিয়া আৰু লোৱা নীতিক” কোনো প্ৰকাৰে মানি নলয় আৰু সমৰ্থন নকৰে বুলি সংবাদমেলত উল্লেখ কৰে হামৰেণ ৰিজিনেল সমিতিৰ সভাপতি বাবুল টকবিয়ে।
প্ৰয়োজন অনুসৰি কাৰ্বি ছাত্ৰ সন্থাই জংগী আন্দোল গঢ়ি তোলা অথবা প্রদিবাদ সাব্যস্ত কৰাৰ বাবে সদায় সাজু আছে বুলি অসম চৰকাৰৰ লগতে কাৰ্বি পৰিষদৰ চৰকাৰক হুংকাৰৰ লগতে সকীয়নী দিয়ে। সমান্তৰালকৈ গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় লোকেও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰে টকবিয়ে।
শেহতীয়াকৈ “দিয়া আৰু লোৱা নীতি”ৰ সন্দৰ্ভত কাৰ্বি আংলঙৰ ২১ খন গাওঁ অন্তৰ্ভুক্ত হৈ থকা ব্লক ১ আৰু ব্লক ২ ৰ ভূমি মেঘালয়ৰ হাতত গতাই দি মেঘালয়ৰ অধীনত থকা গুহাটীৰ খানাপাৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল অসমৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি লোৱাৰ বাবে দুয়োখন ৰাজ্যই এক কৌশলগত অভিসন্ধি ৰচনা কৰাৰ খবৰ আৰু কিছু তথ্য লাভ কৰিছে বুলি প্ৰকাশ কৰে সভাপতিগৰাকীয়ে।