খেৰণিঃ অসম-মেঘালয় সীমা কেন্দ্ৰিক সমস্যাক লৈ কাৰ্বিআংলঙত উত্তাল প্ৰতিবাদ।
কাৰ্বিআংলঙৰ মাটি মেঘালয়ক গটাব খোজা কাৰ্যত বিৰোধিতা।
অসমৰ এক ইঞ্চি ভূমি মেঘালয়ক দিয়া নহ’ব আৰু মেঘালয়ৰ এক ইঞ্চি মাটিও আমাক নালাগে বুলি উল্লেখ কৰে প্ৰতিবাদকাৰী সকলে।
লগতে পঢ়কঃবিহাৰলৈ গৈ সন্ধানহীন ৬৫ বছৰীয়া এগৰাকী বৃদ্ধ
এনে ধৰণৰ সীমা বিবাদ সৃষ্টি নকৰিবলৈ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰলৈ আহ্বান জনায়।
পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জিৰিকিন্দেঙত বজাৰত স্থানীয় ৰাইজ তথা পাৰ্বত্য জিলাখনৰ ১৭ টাকৈ সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
প্ৰতিবাদী কাৰ্যসূচীত স্থানীয় ৰাইজে মুখ্যমন্ত্ৰীক অনুৰোধ জনোৱাৰ লগতে
জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰও প্ৰেৰণ কৰে।