ক্ষেত্ৰীঃ ক্ষেত্ৰীত নিশা ভয়ংকৰ পথ দুর্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিল এখন তীব্ৰ বেগী চুইফট ডিজায়াৰ বাহন।
গুৰুতৰভাৱে আহত বাহনখনত থকা চাৰিজনকৈ যুৱক। ৰাইজে যুৱককেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
লগতে পঢ়কঃমহানগৰীত পথ দুৰ্ঘটনা:গুৰুতৰ ভাৱে আহত তিনিজন
জাগীৰোডৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল চুইফট ডিজায়াৰখন।
পথ দুর্ঘটনা ৰোধ কৰা আৰু পথ সুৰক্ষাকলৈ চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে যদিও ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ আছে পথ দুর্ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাহনখন বাগৰি পৰাত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানযঁটৰ সৃষ্টি হয়। ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰা বাহন সমুখৰ যাত্ৰী সকলে চুইফট ডিজায়াৰ বাহনখন ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰাই পথ মুকলি কৰে। পৰৱৰ্তী সময়ত ক্ষেত্ৰী আৰক্ষী দুর্ঘটনাস্থলীত উপস্থিত হৈ বাহনখন থানালৈ নিয়ে।