গুৱাহাটীঃ ক্ষেত্ৰীৰ উলুবামত অঘটন। নামনিমুৱা কলং কপিলী এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত হয় স্বামী-স্ত্ৰী।

নিহত দুয়োগৰাকী ক্ষেত্ৰীৰ দুই নং সেনাবৰৰ ৰাজীৱ পাহাৰীয়া ওৰফে টেতুন আৰু তেওঁৰে পত্নী চন্দ্ৰমা ছেত্ৰী বুলি জানিব পৰা গৈছে। অৱশ্যে এয়া দুৰ্ঘটনা নে আত্মহত্যা বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

ঘটনাস্থলীত স্থানীয় ক্ষেত্ৰী আৰক্ষীৰ লগতে ৰে’লৱে আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply