ক্ষেত্ৰীঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত দুৰুঙৰ কৈকাৰীত অবৈধ ৰন্ধন গেছৰ ব্যৱসায়। শুকুৰবাৰে যোগান বিভাগ আৰু আৰক্ষীয়ে পৰিমল মল্লিক নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলাই জব্দ কৰে ২৩৪ টা ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰ।

উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা পৰিমল মল্লিক নামৰ লোকজনে অবৈধভাৱে ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰাখি ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জব্দকৃত গেছ চিলিণ্ডাৰসমূহ লাহৰী ভাৰত গেছৰ জিম্মাত ৰখা হ’ব বুলি জানিব পৰা গৈছে।

যোগান বিভাগে জনোৱা অনুসৰি, ‘আমি এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ক্ষেত্ৰীৰ ওচৰৰ ঔজাৰী গাঁৱত উপস্থিত হওঁ। আমি খবৰ পাইছিলো যে ইয়াতে এজন ব্যক্তিয়ে অবৈধভাৱে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত কৰি অবৈধভাৱে বিক্ৰী কৰি থাকে। ঔজাৰীৰ স্থানীয়লোকক সোধপোচ কৰাত গম পালো যে এখন দোকানত এই কাৰবাৰটো চলি থাকে। দোকানখনত অভিযান চলাই আমি ৩০টা খালী ঘৰুৱা চিলিণ্ডাৰ আৰু এটা ভৰ্তি চিলিণ্ডাৰ জব্দ কৰিবলৈ সক্ষম হও। কাগজ-পত্ৰ চাব বিচৰাত তেওঁলোকে বৈধ কাগজ-পত্ৰ একো দেখুৱাব নোৱাৰিলে। ‘

আৰক্ষীয়ে সোধপোচ কৰাত ব্যৱসায়ী পৰিমল মল্লিকে গ্ৰাহকৰ সুবিধাৰ বাবে এইদৰে চিলিণ্ডাৰ ব্যৱসায় চলাই অহা বুলি জানিব দিয়ে।

বৰ্তমান আৰক্ষী-যোগান বিভাগে তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply