খুমটাইঃ গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰ আৰু ৰঙামাটিৰ সীমাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুখন বিলাসী বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা দ’ খাৱৈত বাগৰি পৰে। ফলত বাহন দুখনত থকা দুটা পৰিয়ালৰ ছয়জন লোক কথমপি প্ৰাণ ৰক্ষা পৰে। দেৰগাঁৱৰ যানবাহন আৰক্ষীয়ে আহতসকলক উদ্ধাৰ কৰি  চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ 

তাৎপৰ্যপূৰ্ণ বিষয় যে, গোলাঘাট জিলাৰ নুমলীগড়ৰ পৰা উজনি অসম লৈ নিৰ্মাণ হৈ থকা চাৰিলেনযুক্ত পথচোৱা খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰ আৰু ৰঙামাটি মাজত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণত বিসংগতি হোৱাৰ বাবেই এজাক বৰষুণ দিলেই বিভিন্ন গাড়ী দুৰ্ঘটনাত পতিত হয় ৷ এন এইছ আই ডিচিএলৰ নিৰীক্ষণত থকা চাৰিলেনযুক্ত পথটো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল হিন্দুস্তান কনষ্ট্ৰাকছন অৱ লিমিটেড কোম্পানীয়ে৷ এই পথ নিৰ্মাণ সংস্থাটোৱে চাৰিলেনযুক্ত পথটো নিৰ্মাণত ব্যৱহাৰ কৰা বিটমিনত তেলেতীয়া পদাৰ্থ মিহলি হৈ থকাত বৰষুণ দিলেই বাদুলিপাৰ আৰু ৰঙামাটিৰ মাজৰ পথছোৱা পিচল হৈ পৰে ৷ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থাকে৷ তাৎপৰ্যপূৰ্ণ বিষয় যে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কাষতে পথ নিৰ্মাণকাৰী সংস্থাটোৱে পুখুৰী সদৃশ গাঁত বৃহৎ বৃহৎ গাঁত খন্দাৰ ফলত বিসংগতিপূৰ্ণ পথটোত বাহন সমূহ নিয়ন্ত্ৰণ হেৰুৱাই এই দ’ খাৱৈ সমূহত সোমাই বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ বহুজন মৃত্যুমুখতো পৰিছে। ইফালে বাদুলিপাৰ এই পথচোৱাৰ বিষয়ে স্থানীয় দল সংগঠনৰ লগতে সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে বাতৰি প্ৰকাশ পোৱাৰ পিছতো এইছ চি চি নামৰ সংস্থাটোৰ গা লৰা নাই। গোলাঘাট জিলা প্ৰশাসনক এই বিসংগতিপূৰ্ণ পথচোৱা আৰু পথৰ কাষৰ দ’ খাৱৈ সমূহৰ বিষয়ে তথ্য সহকাৰে অৱগত কৰাৰ পাছতো আজি পৰ্যন্ত জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। 

আজি দেৰগাঁও যানবাহন আৰক্ষী বিষয়া অতুল হাজৰিকাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি বিগত ছয়টা মাহত এই পথচোৱাত বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰাৰ বাবে কুৰিটাতকৈ অধিক সৰু-বৰ যানবাহন দুৰ্ঘটনাত পতিত হোৱাৰ লগতে দুৰ্ঘটনা সমূহত বহুজনে অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে।   

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply