খুমটাই: সান্ধ্যআইনৰ সুযোগ লৈ খুমটাইত চোৰৰ দপদপনি ৷ নিশা খুমটাইৰ বেতিয়নী কাকতি গাঁৱৰ পৰা চোৰে নিলে প্ৰায় ৫ লাখতকৈও অধিক মূল্যৰ কেইবাজোপা সাঁচি গছ ৷ বুলেন বৰুৱা নামৰ লোকজনৰ বাৰীৰ পৰাই সান্ধ্যআইনৰ মাজতে চোৰে কাটি নিলে ১৪/১৫ জোপা সাঁচি গছ ৷
দৰিদ্ৰ পৰিয়ালটোৰ জীৱন নিৰ্বাহৰ সম্বল আছিল সাঁচি খেতি | এই খেতিৰ দ্বাৰাই একমাত্ৰ ছোৱালীজনীকো কলেজত পঢুৱাইছিল পৰিয়ালটোৱে ৷ এতিয়া প্ৰায় ৫ লক্ষাধিক টকা মূল্য সাঁচি গছ চুৰে নিয়াত পৰিয়ালটোৰ মূৰতে সৰগ ভাগি পৰা যেন হৈছে ৷

পুৱাই ঢেকীয়াল আৰক্ষী চকীত খবৰ দিলে যদিও এই বিষয়বোৰ লৈ বিশেষ গুৰুত্ব নাই আৰক্ষীৰ ৷ বিগত কিছুদিনৰ পৰা বহু সাঁচি বেপাৰী তেওঁলোকৰ গছ চাবলৈ আহি আছিল আৰু এতিয়া চুৰি হোৱাত পৰিয়ালটোৰ লোকে সন্দেহ কৰিছে সেই বেপাৰীসকলকে ৷
সান্ধ্যআইনৰ মাজতে ৫ লক্ষাধিক টকাৰ সাঁচি গছ চুৰি হোৱাৰ কাণ্ডই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ খুমটাই অঞ্চলত ৷ খুমটাই অঞ্চলৰ বেছি সংখ্যক লোকেই সাঁচি খেতিৰে স্বাৱলম্বী হোৱাৰ সময়তে এই চুৰি কাণ্ডই সকলোকে আচম্বিত কৰিছে
লগতে পঢ়ক বকোৰ গাৰো যুৱতীয়ে কঠালৰ চিপছ বনাই আৰ্থিকভাৱে লাভান্বিত হৈছে