খুমটাইঃ এগৰাকী কণমানিৰ বিৰল প্ৰতিভা। কণমানিজনীৰ বাঁহীৰ সুৰে মুগ্ধ কৰে অজস্ৰ শ্ৰোতাক। মুৰুলীৰ মিঠা সুৰত ৰজনজনাই চৌদিশ। কণমানি গৰাকী খুমটাইৰ ২ নং শেনছোৱা গাঁৱৰ অলংকৃতা গগৈ। বিহুৰ পৰা আৰম্ভ কৰি দশাৱতাৰ-বিয়ানামলৈকে বাঁহীত সুৰ তোলে অলংকৃতাই। পখিলা খেদা বয়সতে বিৰল প্ৰতিভাৰ অধিকাৰী শিশুগৰাকীয়ে সৃষ্টি কৰিছে অভিলেখ।

লগতে পঢ়কঃটীয়কত নিশা ঘৰৰ মূধচৰ টিং কাটি চোৰৰ চাফাই অভিযান

তৃতীয় শ্ৰেণীত অধ্যয়নৰত ৭ বছৰীয়া অলংকৃতাই আকৰ্ষণীয় ভাৱে প্ৰদৰ্শন কৰে বাঁহীৰ সুৰ। বৰ্তমান খুমটাইৰ বিভিন্ন বিহুমঞ্চত দৰ্শকৰ মন মুহিছে অলংকৃতাই। অলংকৃতাৰ বাঁহীৰ সুৰে এতিয়া জীপাল কৰি তুলিছে ইখনৰ পিছত সিখন বিহু মঞ্চ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply