গোলাঘাটঃ কৰোনাৰ দ্বিতীয়টো লহৰে সমগ্ৰ ৰাজ্যতে লৈছে ভয়াৱহ ৰূপ ৷

গোলাঘাটৰ খুমটাইৰ কেইবাখনো বাগিচাৰ অৰ্ধশতাধিক চাহ শ্ৰমিক ক’ভিডত আক্ৰান্ত হৈ থাকিব লগীয়া হৈছে ক’ভিড কেয়াৰ চেন্টাৰত ৷

খুমটাইত আৰ্তজনৰ কাষত থিয় হৈ বহুজনে দিছে মহানুভৱতাৰ পৰিচয় ৷ খুমটাইৰ কেইবাখনো বাগিচাৰ ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন হৈ থকা শ্ৰমিকক খাদ্য সামগ্ৰী যোগান ধৰিলে আটছাৰ গোলাঘাট শাখাৰ সম্পাদক অনুজ কুৰ্মীয়ে ৷

আৰু পঢ়কঃসোণাপুৰৰ ১৫০ খন গাঁৱৰ প্ৰত্যেক লোকৰ ক’ভিড পৰীক্ষা কৰাৰ নিৰ্দেশ উপায়ুক্তৰ

শাওঁতলী,গৰঙা,নতুনমাটি আৰু বৰফলং বাগিচাৰ ক’ভিড কেয়াৰ চেন্টাৰত থকা আক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে ফলমূল,বিস্কুট আদি খাদ্য সামগ্ৰী যোগান ধৰিলে ছাত্ৰনেতা জনে ৷

বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে মাস্ক,চেনিটাইজাৰ বিতৰণ কৰিলে ক’ভিডত আক্ৰান্ত শ্ৰমিকসকলৰ মাজত ৷ ক’ভিডৰ জটিল সন্ধিক্ষণত এনেদৰে আৰ্তজনৰ সহায় আগবঢ়াই অনুজ কুৰ্মীয়ে দেখুৱাইছে মানৱীয়তাৰ নিদৰ্শন ৷ তেওঁৰ এই কাৰ্যত সহযোগ আগবঢ়ালে স্থানীয় আটছাৰ কৰ্মীসকলে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply