খুমটাইঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰোনাৰ আতংক ৷ পিছে কৰোনা ভাইৰাছে ম্লান কৰিব পৰা নাই ৰঙালীৰ আনন্দ ৷
কভিড প্ৰট’কল মানি অসমীয়াৰ প্ৰাণ হুঁচৰিৰ সামৰণি মাৰিলে খুমটাইৰ ডেকা দোলাকাষৰীয়া গাঁওবাসীয়ে ৷
কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে মাস্ক পৰিধান কৰি পৰম্পৰাগত ভাৱে হুঁচৰিৰ সামৰণি মাৰিলে দোলাকাষৰীয়া গাঁৱত ৷
আৰু পঢ়কঃদেশত আজি দ্বিতীয় দিনাও তিনি লাখ অতিক্ৰম কৰিলে আক্রান্তৰ সংখ্যা
এনেদৰে বিহু সামৰণি মৰাক পৰম্পৰাগত নিয়ম অনুসৰি ”মূৰ পেলোৱা” বুলি কোৱা হয় ৷ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ আনন্দ কিছু পৰিমাণে কভিডে ম্লান পেলাইছে যদিও এইসকল লোকে পৰম্পৰা ৰক্ষা কৰিছে কভিড’ৰ নীতিনিয়মৰ মাজেৰে ৷
অতীজৰে পৰা গাঁৱৰ সকলোৰে ঘৰত বুঢ়া-বেথা সকলে হুঁচৰি মাৰি আনন্দ ফুৰ্তি কৰে ৷ গৃহস্থই পদূলিতে ধূপ-ধুনা শৰাইৰে আদৰে হুঁচৰিক ৷
ঠিক এইবাৰো কভিডৰ নীতি নিদৰ্শনা পালন কৰি অসমীয়াৰ হিয়াৰ আমঠু বিহু হুঁচৰি সামৰণি মাৰিলে দোলাকাষৰীয়াৰ গঞাই ৷