খুমটাইঃ সাধাৰণতে জন্মদিন বুলি কলেই ঘৰ অথবা ৰেষ্টুৰেন্টত বন্ধুৰ সৈতে বাৰ্থডে পাৰ্টিৰ আয়োজন।
পিছে খুমটাইৰ বাদুলিপাৰৰ এজন যুৱকে ব্যতিক্রম ভাৱে পালন কৰিছে নিজৰ ওপজা দিন। জন্মদিনটোত আমন্ত্ৰণ জনোৱা নাই কোনো আত্মীয় অথবা বন্ধুক।
ঘৰলৈ মাতি আনিছে প্ৰায় ৩০-৩৫ গৰাকী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীক। তেওঁলোকৰ হাতত তুলি দিছে কিতাপ-কলম আৰু একোটাকৈ গছপুলি। খুমটাইৰ সমীপৱৰ্তী বাদুলিপাৰৰ ইয়ালোদ্দিন হুছেইন নামৰ এইজন যুৱকে নিজৰ ওপজা দিনটোত কৰিছে এই আয়োজন।
লগতে পঢ়কঃঅবৈধভাৱে কৰ সংগ্ৰহ কৰাৰ অভিযোগত ডবকাৰ টোলগেটত উত্তপ্ত পৰিস্থিতি
ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই গছপুলিটো ৰুই লালন-পালন কৰিবলৈ অনুৰোধ জনাইছে।
ছাত্ৰ-ছাত্ৰী সকলেও এনে ব্যতিক্ৰমী উপহাৰ লাভ কৰি আনন্দিত হৈছে। সাম্প্ৰতিক সময়ত যান্ত্ৰিকতাময় জীৱনত নিজৰ ওপজা দিনটিক ব্যতিক্ৰমভাৱে আয়োজন কৰা চিন্তাক সকলোৱে আদৰণি জনাইছে।