গোলাঘাটঃ ৰাজ্যত ক’ভিডে সংহাৰী ৰূপ ধাৰণ কৰাৰ বাবেই অনিদিষ্ট কাললৈ বন্ধ হৈ পৰিল ধৰ্মীয় অনুষ্ঠান সমূহ৷ খুমটাইৰ ঐতিহাসিক চিনাতলী বৰনামঘৰটো নিমাওমাও পৰিবেশ ৷ নামঘৰত শৰাই অৰ্চন বন্ধ হৈ পৰাত ভক্তৰ সমাগম শূন্য হৈ পৰিছে ৷

যাৰ প্ৰভাৱ পৰিছে বৰনামঘৰ সমাজ পৰিষদে নিজা প্ৰচেষ্টাত চলাই অহা কাছ সংৰক্ষণ প্ৰকল্পত ৷ নামঘৰৰ সকলো কাম-কাজ বন্ধ হৈ পৰাত তীব্ৰ খাদ্য সংকটত পৰিছে প্ৰকল্পটোত থকা কাছ আৰু মাছ সমূহ ৷

আৰু পঢ়কঃঅসমৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে এখন স্বাস্থ্য কেন্দ্ৰৰ দৃশ্যই

বৰনামঘৰৰ পুখুৰীত থকা মাছ আৰু কাছ সমূহক পৰ্যাপ্ত খাদ্য যোগান ধৰিছে বৰনামঘৰ সমাজ পৰিষদৰ সভাপতি জিতেন বুবুল শইকীয়াই ৷

ক’ভিড প্ৰট’কলৰ বাবে যেতিয়ালৈকে নামঘৰৰ শৰাই অৰ্চন অথবা ভকতৰ সমাগত বন্ধ থাকিব তেতিয়ালৈকে ব্যক্তিগত ভাৱে মাছ-কাছক খাদ্য যোগান ধৰাৰ দায়িত্ব ল’লে সমাজ পৰিষদৰ সভাপতি জনে৷

পুৱাই বৰনামঘৰৰ কাছ সংৰক্ষণ প্ৰকল্পত আন বিষয়-ববীয়া সকলক লগত লৈ মুড়ি,বিস্কুট,কল আদি বিভিন্ন খাদ্যৰ যোগান ধৰিলে জিতেন বুবুল শইকীয়াই ৷

কৰোনাৰ সংহাৰৰ সময়ত খাদ্য সংকটত পৰা মাছ-কাছক প্ৰত্যেকদিনাই নিজাববীয়াকৈ খাদ্য আগবঢ়োৱাটোও এক ইতিবাচক খবৰ ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply