খুমটাইঃ পবিত্ৰ বৰদিনলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী ৷ ৰাজ্যৰ সৰ্বত্ৰে চলিছে এতিয়া বৰদিনৰ বাবে ব্যাপক আয়োজন।
খুমটাইতো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মাজত বৰদিনৰ বাবে ব্যাপক উচাহ। কেৰলৰ ধ্বনিৰে মুখৰিত গীৰ্জাঘৰ।
খুমটাইৰ বিভিন্ন প্ৰান্তৰ গীৰ্জাত বৰদিনৰ বাবে দিনে-নিশাই অন্তিম প্ৰস্তুতিত ব্যস্ত সকলো। গীত-মাত, নৃত্যৰ শেষ আখৰাত মুখৰিত গীৰ্জাঘৰ ৷
লগতে পঢ়কঃবাক্সাৰ গোৰেশ্বৰত নিশা সুৰামত্ত আৰক্ষীৰ তাণ্ডৱ
শতবৰ্ষ গৰকা খুমটাই চাহ বাগিচাৰ ঐতিহাসিক গীৰ্জাঘৰতো উখল-মাখল পৰিবেশ।
ক’ভিড প্ৰ’টকল মানি গীৰ্জাঘৰটোত দেখা গৈছে বৰদিনৰ বাবে অন্তিম আখৰা আৰু প্ৰস্তুতি। ৰঙ- বিৰঙৰ লাইট, ফুলৰে সুসজ্জিত কৰি তুলিছে গীৰ্জাটি। কোভিড নিৰাময় কৰি সকলোৰে সুখ-শান্তিৰ বাবে যীচুৰ চৰণত প্ৰাৰ্থনা কৰিছে শিশুৰ পৰা বয়োজ্যেষ্ঠ জনলৈকে ৷ সৃষ্টি কর্তা যীচুৰ জন্ম দিন পালনৰ বাবে এনেদৰেই চলিছে ব্যাপক প্ৰস্তুতি।