গোলাঘাট: সমগ্ৰ ৰাজ্যতে ক’ভিডৰ দ্বিতীয়টো ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷গোলাঘাট জিলাৰ খুমটাইৰ শাঁওতলী চাহ বাগিচাত গণ সংক্ৰমণ ।
শাঁওতলী বাগিচাৰ এটা অঞ্চলত কোৰোনাৰ গণ সংক্ৰমন হোৱাত কন্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ।
হাবিছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত শাঁওতলী বাগিচাৰ ৮ আৰু ৯ নং ৱাৰ্ডত একেলগে ১৬ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত প্ৰশাসনে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰি অঞ্চলটোত বেৰিকেড লগাই পথ বন্ধ কৰি দিছে ।
আৰু পঢ়ক http://ভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১,৯৫২ গৰাকী ৰে’ল কৰ্মচাৰীৰ মৃত্যু; দৈনিক ১,০০০ গৰাকীকৈ আক্ৰান্ত
অঞ্চলটোত কোনো লোকৰ প্ৰৱেশ-প্ৰস্থান সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে গোলাঘাট জিলা প্ৰশাসনে ৷ উল্লেখ্য যে কেইদিনমান আগত এখন বিবাহ অনুষ্ঠিত হৈছিল আৰু তাৰ পৰাই গণ সংক্ৰমন হৈছে বুলি ধাৰণা কৰা হৈছে ৷
ইতিমধ্যে বিবাহৰ পিছত শাঁওতলী বাগিচাৰ এই অঞ্চলটোত এইকেইদিনত মুঠ ২০ জনৰ দেহত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি । বাগিচা অঞ্চলত বহুকেইজন কোভিডত আক্ৰান্ত হোৱাত সমগ্ৰ অঞ্চলটোৰ লোকসকল আতংকিত হৈ পৰিছে ৷