খুমটাইঃ গোলাঘাটৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। খুমটাইৰ হালধিবাৰীত বন্যহস্তীৰ বাবে দিয়া হৈছে ভোগ। গাঁওখনৰ ৰাইজ একত্ৰিত হৈ পৰম্পৰাগত ভাৱে প্ৰত্যেক বছৰেই বন্যহস্তীৰ বাবে ভোগ প্ৰদান কৰে।
চাকি-বন্তি জ্বলাই বিভিন্ন নৈবেদ্য, প্ৰসাদ আদি আগবঢ়াই নেদেখাজনৰ ওচৰত প্ৰতিবছৰে শৰণাপন্ন হয় হালধিবাৰীৰ ৰাইজ ।
লগতে পঢ়কঃজুইৰ লেলিহান শিখাই ছাই কৰিলে বিশ বিঘাৰো অধিক ধাননি পথাৰ
অঞ্চলটোৰ ডেকা-বুঢ়াৰ পৰা আই-মাতৃসকললৈকে সকলোৱে বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ প্ৰাৰ্থনা কৰিছে।
উল্লেখযোগ্য যে,পৰম্পৰাগতভাৱে যোৱা প্ৰায় চাৰি/পাঁচ বছৰৰ আগৰ পৰা দি অহা হৈছে এই ভোগ । সম্পূৰ্ণ আধ্যাত্মিকতাৰে ভোগ দিয়া কৰ্ম কৰাৰ পৰা অঞ্চলটোলৈ অহা নাই বন্যহস্তী । সেয়ে প্ৰতিবছৰে নেদেখাজনৰ ওচৰত কৰা হয় অৰ্চনা-বন্দনা ।